ETV Bharat / state

সোমবাৰৰ পৰা কার্যক্ষম হ'ব দুলীয়াজনৰ ক'ভিড চিকিৎসা কেন্দ্ৰ

author img

By

Published : May 22, 2021, 6:56 AM IST

ডিব্ৰুগড় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ তৎপৰতাত দুলীয়াজনৰ অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা ১০০ খন বিচনা যুক্ত ক'ভিড চিকিৎসা কেন্দ্ৰটো সোমবাৰৰ পৰা কার্যক্ষম কৰা হ'ব ৷

Deputy commissioner of Dibrugarh visited 100 seated covid care centre of Dulijan oil India Limited
সোমবাৰৰ পৰা কার্যক্ষম হ'ব দুলীয়াজনৰ ক'ভিড চিকিৎসা কেন্দ্ৰ

মৰাণ, 22 মে’ : ডিব্ৰুগড় জিলাৰ ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ক'ভিড চিকিৎসা কেন্দ্ৰ বৃদ্ধি কৰাৰ বাবে তৎপৰ হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগ । যিহেতু সমগ্ৰ ডিব্ৰুগড় জিলাৰ ক'ভিড পৰিস্থিতি আজিও অনিয়ন্ত্ৰিত হৈ আছে ৷ সেয়েহে দুলীয়াজানৰ অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা ১০০ খন বিচনা যুক্ত ক'ভিড চিকিৎয়া কেন্দ্ৰটো সোমবাৰৰ পৰা কার্যক্ষম কৰা হ'ব ।

শুকুৰবাৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা দুলীয়াজানৰ অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চিকিৎসা কেন্দ্ৰটোৰ পৰিদৰ্শনৰ বাবে উপস্থিত হয় ৷ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উপায়ুক্ত গৰাকীয়ে বিদ্যালয়খনত জিলা প্ৰশাসন, অইল ইণ্ডিয়া কৰ্তৃপক্ষ আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত ক'ভিড সংক্ৰমিত ব্যক্তি সকলক চিকিৎসা সেৱা প্ৰদানৰ বাবে স্থাপিত ক'ভিড চিকিৎসা কেন্দ্ৰটো পৰিদৰ্শন কৰে ৷

ইয়াৰ লগতে সকলো ধৰণৰ যাৱতীয় প্ৰস্তুতি সম্পৰ্কে উপায়ুক্ত গৰাকীয়ে বুজ লয় । উল্লেখ্য যে, উপায়ুক্ত গৰাকীৰ সৈতে টেঙাখাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, স্বাস্থ্য বিভাগৰ চিকিৎসক বিষয়াৰ লগতে অইল ইণ্ডিয়াৰ বিষয়া সকল উপস্থিত থাকে ।
লগতে পঢ়ক : শুকুৰবাৰৰ পৰা ৰাজ্যত বন্ধ হ’ল আন্তঃজিলা যাতায়ত সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.