মৰাণ,3ফেব্ৰুৱাৰী: ৰাজ্যৰ 2021ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ সমাগত নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল সমূহৰ লগতে নিৰ্বাচন আয়োগ আৰু জিলা প্ৰশাসন ৷

মঙলবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত লেঙেৰীজান চাহ বাগান ষ্টাফ ক্লাব আৰু কোঁৱৰবাম প্ৰাথমিক বিদ্যালয় চৌহদত থকা ভোটগ্ৰহণ কেন্দ্ৰকেইটা পৰিদৰ্শন কৰে ৷

ইয়াৰ উপৰি ভোটগ্ৰহণ কেন্দ্ৰৰ সমান্তৰালভাৱে অতিৰিক্ত ভোটগ্ৰহণ কেন্দ্ৰ স্থাপনৰ বাবে প্ৰয়োজনীয় সা-সুবিধাসমূহ পৰীক্ষা কৰে ৷ আনহাতে,পৰিদৰ্শনকালত উপায়ুক্ত পল্লৱ গোপাল ঝাক সংগ দিয়ে নাহৰকটীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিক্ৰম ছেত্ৰীৰ লগতে বহু কেইজন বিষয়াই ৷

লগতে পঢ়কঃ বাজেটত প্ৰতিৰক্ষা আৱণ্টনৰ সামান্য বৃদ্ধি