ETV Bharat / state

অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ সৈতে ডিব্ৰুগড়ৰ উপায়ুক্তৰ বৈঠক

ক'ভিড পৰিস্থিতিক লৈ অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ সৈতে ডিব্ৰুগড়ৰৰ উপায়ুক্তৰ বৈঠক ৷ অতিৰিক্ত উপায়ুক্ত তপন কুমাৰ গোঁহাইৰ লগতে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকো উপস্থিত থাকে উপায়ুক্ত গৰাকীৰ সৈতে ৷

Deputy commissioner of Dibrugarh attend a meeting with authority of Assam Medical College
অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ সৈতে ডিব্ৰুগড়ৰ উপায়ুক্তৰ বৈঠক
author img

By

Published : May 11, 2021, 10:50 PM IST

ডিব্ৰুগড়,11 মে’: ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই মঙলবাৰে অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ চিকিৎসালয়খনৰ অধ্যক্ষ সঞ্জীৱ কাকতিৰ লগতে চিকিৎসালয়খনৰ বিভাগীয় চিকিৎসক আৰু বিষয়াসকলৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ।

উপায়ুক্ত গৰাকীয়ে চিকিৎসা মহাবিদ্যালয়খনত বৰ্তমান পৰিস্থিতিত ক'ভিড- ১৯ ত আক্ৰান্ত ৰোগীসকলৰ বাবে আগবঢ়াই থকা চিকিৎসা সেৱাৰ লগতে অক্সিজেনৰ অৱস্থিতি, আইচিইউ আৰু ৰোগীৰ বাবে পৰ্যাপ্ত বিচনা সম্পৰ্কে বৈঠকত চিকিৎসকসকলৰ পৰা বুজ লয় ।

ইয়াৰ উপৰিও উপায়ুক্তগৰাকীয়ে আহি থকা দিনত সাম্ভাৱ্য ক'ভিডৰ পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ আইচিইউৰ সংখ্যা বঢ়াবলৈ কোৱাৰ লগতে অতি সোনকালে চুপাৰ স্পেচিয়েলিটি চিকিৎসালয়খনত ক'ভিড ৰোগীসকলক চিকিৎসা সেৱা প্ৰদানৰ বাবে পৰ্যাপ্ত বিচনাৰ লগতে অনান্য চিকিৎসা সেৱাসমূহ সম্পূৰ্ণ কৰি তুলিবলৈ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰে ।

উপায়ুক্ত গৰাকীয়ে চিকিৎসালয়খনত আহি থকা যিকোনো পৰিস্থিতিৰ বাবে ক'ভিড সংক্ৰমিত ৰোগীৰ বাবে বিচনাৰ সংখ্যা ৩০০ লৈকে বৃদ্ধি কৰাৰ লগতে আইচিইউৰ সংখ্যা ৮০-১৪০ পৰ্যন্ত কৰিবলৈ চিকিৎসালয়খনৰ চিকিৎসক আৰু বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে । এই বৈঠকত অতিৰিক্ত উপায়ুক্ত তপন কুমাৰ গোঁহাইৰ লগতে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক উপস্থিত থাকে।

লগতে পঢ়ক: ডিব্ৰুগড়ৰ টাউন ৰে’ল ষ্টেচনত ক'ভিড আইচ’লেছন কেন্দ্ৰ স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.