ETV Bharat / state

মৰাণৰ বিধ্বস্ত পথ মেৰামতি কৰাৰ দাবী আছুৰ

মৰাণৰ গড়কাপ্তানী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা কাৰ্যালয়ৰ অন্তৰ্গত পথটো মেৰামতিৰ বাবে ৰাইজে বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছে যদিও বিভাগে কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ ৷ তদুপৰি স্থানীয় বিধায়ক চক্ৰধৰ গগৈয়ে বিভিন্ন দলীয় কাম কাজৰ বাবে এই পথটোৱেই অহা-যোৱা কৰে যদিও মেৰামতিৰ ক্ষেত্ৰত আজিপৰ্যন্ত কোনো ব্যৱস্থা হাতত লোৱা নাই ।যাৰ বাবে কেৱল নিৰ্বাচনী অংকত মনোনিৱেশ কৰি থকা বিধায়কজনক ধিক্কাৰ দিয়ে খোৱাং আঞ্চলিক ছাত্ৰ সন্থাই ৷

demands repairing of the road at moran by AASU
মৰাণৰ বিধ্বস্ত পথ মেৰামতি কৰাৰ দাবী আছুৰ
author img

By

Published : Sep 26, 2020, 1:03 PM IST

মৰাণ,26 ছেপ্তেম্বৰঃ কেৱল মাত্ৰ শ্ল'গানতহে যেন আবদ্ধ ৰাজ্য চৰকাৰৰ উন্নয়ন ৷ পুনৰ ফাদিল হ'ল উন্নয়নৰ ফোঁপোলা স্বৰপ ৷ মৰাণ সমষ্টি খোৱাঙৰ বৰফুকন আলিৰ জৰাজীৰ্ণ বাট-পথে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক ৷ বিভাগীয় চৰকাৰী বৰমূৰীয়াৰ হেমাহিৰ বাবে অতি ব্যস্ত পথটোৱে ক্ৰমাৎ বিধ্বস্ত ৰূপ ল’বলৈ আৰম্ভ কৰিছে । পথটোৰ খোৱাং আজাগুৰিৰ পৰা শেনচোৱা পুখুৰীলৈকে প্ৰায় দহ কিলোমিটাৰ পথ অতিকৈ জৰাজীৰ্ণ হৈ পৰিছে । বিশেষকৈ খোৱাং আজাগুৰিৰ পৰা বাঘটলী পথাৰ গাঁৱলৈকে পথটোৰ বিভিন্ন স্থানত প্ৰকাণ্ড প্ৰকাণ্ড গাঁ‌তৰ সৃষ্টি হোৱাৰ ফলত ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে ।

মৰাণৰ বিধ্বস্ত পথ মেৰামতি কৰাৰ দাবী আছুৰ

ইপিনে, মৰাণৰ গড়কাপ্তানি বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা কাৰ্যালয়ৰ অন্তৰ্গত পথটো মেৰামতিৰ বাবে ৰাইজে বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছে যদিও বিভাগে কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ ৷ তদুপৰি স্থানীয় বিধায়ক চক্ৰধৰ গগৈয়ে বিভিন্ন দলীয় কাম কাজৰ বাবে এই পথটোৱেই অহা-যোৱা কৰে যদিও মেৰামতিৰ ক্ষেত্ৰত আজি পৰ্যন্ত কোনো ব্যৱস্থা হাতত লোৱা নাই । যাৰ বাবে কেৱল নিৰ্বাচনী অংকত মনোনিৱেশ কৰি থকা বিধায়কজনক ধিক্কাৰ দিয়ে খোৱাং আঞ্চলিক ছাত্ৰ সন্থাই ৷

আনহাতে,এই সমগ্ৰ বিষয় সন্দৰ্ভত খোৱাং আঞ্চলিক ছাত্ৰ সন্থাই শনিবাৰে মৰাণ ৰাজহ চক্ৰৰ বিষয়াৰ লগতে চক্ৰ বিষয়াৰ জৰিয়তে ডিব্ৰুগড় জিলা উপায়ুক্ত আৰু ডিব্ৰুগড় জিলা গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তালৈ পৃথকে পৃথকে স্মাৰক প্ৰেৰণ কৰে ৷ অহা 10 দিনৰ ভিতৰত জৰাজীৰ্ণ পথচোৱা মেৰামতি নকৰিলে গণতান্ত্ৰিক ভাৱে আন্দোলনৰ কাৰ্যসূচী লোৱা হ'ব বুলিও হুংকাৰ দিয়ে আছুৱে ৷

লগতে পঢ়কঃআজিৰে পৰা পশ্চিম উপকূলত ভাৰত-জাপানৰ মাজত আৰম্ভ JIMEX 20

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.