ETV Bharat / state

Congress inspects Maijan erosion: মাইজানৰ খহনীয়া পৰিদৰ্শন বিৰোধী দলপতিৰ

author img

By

Published : Oct 14, 2022, 7:13 PM IST

ডিব্ৰুগড় ৰহমৰীয়াৰ পৰা মাইজান অঞ্চললৈ মহাবাহু ব্ৰহ্মপুত্ৰ খহনীয়াই লৈছে ভয়ংকৰ ৰূপ(Erosion of Brahmaputra in Dibrugarh) । ডিব্ৰুগড়ৰ মাইজানত উপস্থিত হৈ খহনীয়া পৰিদৰ্শন কৰিলে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত কংগ্ৰেছ সঁজাতি দলে(Congress delegation inspects Maijan erosion) ।

debabrat saikia visited maijan
Congress inspects Maizan erosion: মাইজানৰ খহনীয়া পৰিদৰ্শন কংগ্ৰেছৰ

ডিব্ৰুগড়,১৪ অক্টোবৰ: মাইজানত উপস্থিত অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত কংগ্ৰেছৰ এটা সঁজাতি দল(Erosion in Dibrugarh) । এসপ্তাহ ধৰি ডিব্ৰুগড় চহৰৰ উপকন্ঠ মাইজান-নগাঘূলীত হৈ থকা ভয়াৱহ খহনীয়া পৰিদৰ্শন বিৰোধী দলপতিগৰাকীৰ(Congress delegation inspects Maijan erosion) । ডিব্ৰুগড় সুৰক্ষা বান্ধৰ পৰা গৰাখহনীয়া পৰিদৰ্শন কৰি চৰকাৰক সমালোচনা দলপতি শইকীয়াৰ ।

মাইজানৰ খহনীয়া পৰিদৰ্শন কংগ্ৰেছৰ

চৰকাৰে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে হাইৱে এক্সপ্ৰেছ নিৰ্মাণ কৰি বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু কাৰ্যক্ষেত্ৰত কোনো কাৰ্যকৰী ৰূপ নাপালে বুলি সমালোচনা কৰে শইকীয়াই । অসম বিধানসভাত বিৰোধীয়ে বান-গৰাখহনীয়া সমস্যাৰ কথা উত্থাপন কৰোতে মুখ্যমন্ত্ৰীয়ে বান-খহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা হ'লে এক পইচা কেন্দ্ৰই নিদিয়ে বুলি উল্লেখ কৰিছিল । সেয়ে কেন্দ্ৰৰ সৈতে আলোচনাৰ বাবে অতি শীঘ্ৰে অসম বিধানসভাৰ সৰ্বদলীয় প্ৰতিনিধি দল পঠাব লাগে বুলি উল্লেখ কৰে দেৱব্ৰত শইকীয়াই ।

বিজেপি চৰকাৰৰ দিনত বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তন কৰা হৈছে আৰু কেন্দ্ৰৰ পৰা পুঁজিৰ আৱন্টন হ্ৰাস পাইছে বুলিও উল্লেখ কৰে শইকীয়াই । দুৰ্যোগ প্ৰশমন বিভাগৰ অধীনতো বিজেপি চৰকাৰে পুঁজি মোকলাই দিয়া নাই বুলি অভিযোগ উত্থাপন কৰি অসমক অষ্টলক্ষ্মী ঘোষণা কৰিয়েই বিজেপিয়ে দায় সামৰা বুলি মন্তব্য কৰে বিৰোধী দলপতিগৰাকীয়ে । বৰাক-ব্ৰহ্মপুত্ৰ খননৰ নামত বিয়াগোম দুৰ্নীতি হোৱা বুলি অভিযোগ উত্থাপন কৰি ৰাষ্ট্ৰীয় জলপথ-২ত এতিয়া আৰু একো কাম নহয় বুলি মন্তব্য প্ৰকাশ কৰে ।

লগতে তেওঁ অভিযোগ কৰে যে ব্ৰহ্মপুত্ৰ খনন সম্পূৰ্ণ মিছা কথা । অসমৰ শিক্ষা, স্বাস্থ্য খণ্ডৰ পয়ালগা অৱস্থা হোৱাৰ পাছতো উৎসৱ পাৰ্বনতহে চৰকাৰে টকা খৰচ কৰে কটাক্ষ কৰে বিৰোধী দলৰ দলপতিগৰাকীয়ে । পৰিদৰ্শনকালত প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনে সংগ দিয়ে বিৰোধী দলৰ দলপতিগৰাকীক ।

উল্লেখ্য যে প্ৰতিটো বৰ্ষতে ডিব্ৰুগড় ৰহমৰীয়াৰ পৰা মাইজান অঞ্চললৈ মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়া হৈ আহিছে যদিও চলিত বৰ্ষত অতি ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে(Erosion of Brahmaputra in Dibrugarh) । ইতিমধ্যে চলিত বৰ্ষত হাজাৰ হেক্টৰ কৃষি ভূমি নদীৰ বুকুত বিলীন হোৱা লগতে বহু লোকৰ ঘৰ-বাৰী উচ্ছেদ হৈছে(Brahmaputra embankment erosion in Dibrugarh) । ঘৰ-বাৰী এৰি বহু লোকে মথাউৰিত আশ্ৰয় ল'বলগীয়া হৈছে । আহিনৰ আবতৰীয়া বানে ব্ৰহ্মপুত্ৰত সৃষ্টি কৰা এই খহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ডিব্ৰুগড় বিমান বন্দৰ, অসম চিকিৎসা মহাবিদ্যালয়ৰ লগতে হাজাৰ হাজাৰ হেক্টৰ চাহ বাগিচা তথা কেইবাটাও বৃহৎ চাহ উদ্যোগলৈ । পিছে এইবোৰলৈ চৰকাৰে কেতিয়া কানসাৰ দিব সেয়া সাধাৰণ জনতাৰ বাবে লাখটকীয়া প্ৰশ্ন ।

লগতে পঢ়ক: GMCH suicide case: স্ব-গৃহতগৃ GMCH ৰ কৰ্মচাৰ্ম ৰী পাপুদাসৰ মৃতমৃ দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.