ডিব্ৰুগড়, 19 ফেব্ৰুৱাৰী: ডিব্ৰুগড় চহৰৰ দক্ষিণ আমোলাপট্টিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অঘটন ৷ শুকুৰবাৰে পুৱাৰ ভাগতে পথৰ কাষত উদ্ধাৰ হয় এজন অচিনাক্ত লোকৰ মৃতদেহ ৷ প্ৰাতঃভ্ৰমনলৈ ওলাই আহোতেই লোক জনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷ লোকজনৰ কেনেকৈ মৃত্যু হ'ল তাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ।
প্ৰায় ৪০ বছৰৰ উৰ্ধৰ ব্যক্তি জনক কোনো চলন্ত বাহনে খুন্দিয়াই যোৱাৰ ফলত মৃত্যু হোৱা বুলি সন্দেহ কৰিছে একাংশ লোকে । আনহাতে মৃত লোক জনৰ ভৰিত আঘাতৰ চিন স্পষ্ট ৷ বৰ্তমান লৈকে লোকজনৰ সঠিক পৰিচয় উদ্ধাৰ হোৱা নাই যদিও তেওঁৰ ঘৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমীপত বুলি একাংশ লোকে অনুমান কৰিছে ।
ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়কঃ হঠাৎ গুৰুতৰভাৱে অসুস্থ প্ৰফুল্ল কুমাৰ মহন্ত