ETV Bharat / state

ডিব্ৰুগড়ত জল জীৱন আচঁনি কাৰ্যকৰী কৰাৰ বাবে তৎপৰ জিলা প্ৰশাসন

author img

By

Published : Jul 2, 2021, 10:32 AM IST

বৃহস্পতিবাৰে চাউলখোৱা আৰু ৰজাভেটাত "পাইপ ৱাটাৰ চাপ্লাই স্কীম" (PIPED WATER SUPPLY SCHEME)ৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল'লে ডিব্ৰুগড় জিলাৰ উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগীয়ে । জল জীৱন আচঁনিৰ অধীনত ঘৰে ঘৰে পানীৰ টেপ সংযোগ কৰাৰ বাবে এই আঁচনিসমূহ নিৰ্মাণ কৰা হৈছে । কিন্তু এতিয়ালৈকে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱা নাই । নিৰ্মাণকাৰ্য শীঘ্ৰে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত এতিয়া তৎপৰ হৈ পৰিছে ডিব্ৰুগড় জিলা প্ৰশাসন ।

Water supply scheme in Dibrugarh
পানী যোগান আঁচনিৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাক লৈ তৎপৰ ডিব্ৰুগড় জিলা প্ৰশাসন

মৰাণ, ২ জুলাই : চৰকাৰে প্ৰতিখন ঘৰতে একোটাকৈ টেপ সংযোগ কৰি বিশুদ্ধ খোৱা পানী যোগানৰ পৰিকল্পনা কৰিছে ঠিকেই । কিন্তু ৰাজ্যৰ বিভিন্ন জিলাত "পাইপ ৱাটাৰ চাপ্লাই স্কীম" (PIPED WATER SUPPLY SCHEME)ৰ কাম কেনেদৰে আগবাঢ়িছে সেয়াই গুৰুত্বপূৰ্ণ বিষয় । চৰকাৰে অভিলাষী আঁচনি গ্ৰহণ কৰাৰ পিছতো আজিও বহু অঞ্চলৰ ৰাইজে লাভ কৰা নাই বিশুদ্ধ খোৱা পানী । ডিব্ৰুগড় জিলাৰ ৰাইজেও চৰকাৰৰ বিশুদ্ধ পানী যোগানৰ আঁচনিৰ সুবিধা আজি পৰ্যন্ত লাভ কৰা নাই ।

জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ (Public Welfare Department) যি সমূহ পানী যোগান আঁচনি আছিল ইয়াৰ অধিকাংশই এতিয়া বিকল হৈ পৰিছে । কিন্তু ডিব্ৰুগড় ৰাইজৰ খোৱা পানীৰ সমস্যাক গুৰুত্ব সহকাৰে লৈ এতিয়া "পাইপ ৱাটাৰ চাপ্লাই স্কীম" (PIPED WATER SUPPLY SCHEME)ৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰাৰ বাবে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে । ডিব্ৰুগড় প্ৰশাসনৰ বিষয়াসকলে জিলাখনত নিৰ্মাণ হৈ থকা প্ৰতিটো প্ৰকল্পৰ কাম পৰিদৰ্শন কৰিছে ।

বৃহস্পতিবাৰে ডিব্ৰুগড় জিলাৰ উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগীয়ে জল জীৱন আচঁনিৰ অধীনত "ফাংচনেল হাউচহল্ড টেপ কানেক্সন"(FHTC)ৰ বাবে নিৰ্মাণ কৰা চাউলখোৱাস্থিত "পাইপ ৱাটাৰ চাপ্লাই স্কীম" (PWSS) আৰু ৰজাভেটাস্থিত "পাইপ ৱাটাৰ চাপ্লাই স্কীম" (PWSS)ৰ নির্মাণস্থলীত উপস্থিত হৈ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে ।

লগতে তেওঁ এই প্ৰকল্পৰ কামসমূহ খৰতকীয়াকৈ কৰিবলৈ নিৰ্দেশ দিয়ে । ইয়াৰ ওপৰিও বুধবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই মৰাণৰ মিৰিহোলাস্থিত পাইপ ৱাটাৰ চাপ্লাই স্কিম"ৰ(PWSS) কাম পৰিদৰ্শন কৰে । নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লৈ তেওঁ এই প্ৰকল্পৰ দ্বাৰা লাভান্বিত কিছু সংখ্যক হিতাধিকাৰীৰ সৈতে প্ৰকল্প সন্দৰ্ভত মত বিনিময়ো কৰে ।

উপায়ুক্তগৰাকীৰ পৰিদৰ্শন কৰা সময়চোৱাত মৰাণ ৰাজহ চক্ৰৰ চক্ৰবিষয়া আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী অভিযন্তাও তেওঁৰ সৈতে উপস্থিত থাকে । শীঘ্ৰেই পানী যোগান আঁচনিৰ কাম সম্পূৰ্ণ হৈ উঠিলে জিলাখনৰ ৰাইজৰ খোৱা পানীৰ সমস্যা যথেষ্টখিনি সমাধান হ'ব । সেয়ে, জিলা প্ৰশাসনে এই ক্ষেত্ৰত তৎপৰ হৈ পৰিছে আৰু নিৰ্মাণকাৰ্য তদাৰকী কৰিছে ।

লগতে পঢ়ক:কামপুৰৰ বকুলগুৰিত কপিলী নৈৰ ভয়ংকৰ খহনীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.