ডিব্ৰুগড়, 7 মে’ : ক'ভিড-19 ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে লোৱা পদক্ষেপ হিচাপে চাহ বাগিচা সমূহৰ কৰ্তৃপক্ষৰ সৈতে ডিব্ৰুগড় জিলা উপায়ুক্তৰ বৈঠক ৷ শুকুৰবাৰে ডিব্ৰুগড় জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত জিলাখনৰ চাহ বাগিচা সমূহৰ কৰ্তৃপক্ষৰ লগতে বিভিন্ন সংগঠনৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত কৰা হয় । উক্ত বৈঠকত উপায়ুক্ত গৰাকীয়ে চাহবাগিছা সমূহত সকলোকে মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব মানি চলাৰ লগতে অন্যান্য ক'ভিড প্ৰ'টকল সমূহ কঠোৰভাৱে মানি চলিবলৈ নিৰ্দেশ প্ৰদান কৰে ।
আনহাতে, চাহ বাগিছাসমূহত ক'ভিডৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া চলি থকাৰ কথা উল্লেখ কৰি জিলা উপায়ুক্ত গৰাকীয়ে বাগিছাৰ সকলো কৰ্মচাৰীকে এই প্ৰতিষেধক গ্ৰহণ কৰিবলে আহ্বান জনায় ৷ ইয়াৰ লগতে ১৮ বছৰৰ পৰা ৪৪ বছৰৰ ব্যক্তি সকলক এই প্ৰতিষেধক গ্ৰহণৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰিবলৈ কয় ।
উল্লেখ্য যে, যদি কোনো কৰ্মচাৰীয়ে ক’ভিড সম্পৰ্কীয় কোনো লক্ষণ অনুভৱ কৰে, তেন্তে বিনাদ্বিধাই ক'ভিড পৰীক্ষা কৰিবলৈ কোৱাৰ লগতে এই ক্ষেত্ৰত বাগিছা কৰ্তৃপক্ষকো সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ উপায়ুক্ত গৰাকীয়ে আহ্বান জনায় । উক্ত সভাখনত জিলা উন্নয়ন আয়ুক্ত পার্থ প্ৰতীম বৈৰাগীৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া, চিকিৎসক উপস্থিত থাকে ।
লগতে পঢ়ক : ডিব্ৰুগড়ত 18 ৰ পৰা 44 লোকৰ টীকাকৰণ আৰম্ভ