ETV Bharat / state

ক’ভিড সম্পৰ্কে ডিব্ৰুগড়ত জিলা টাস্ক ফ’ৰ্চৰ সভা

ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা টাস্ক ফ’ৰ্চৰ সভা অনুষ্ঠিত । ক'ভিডৰ নীতি-নিয়মসমূহ সঠিকভাৱে পালন কৰা হৈছে নে নাই তাৰ প্ৰতি নজৰ ৰাখিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ ।

ক’ভিড সম্পৰ্কে ডিব্ৰুগড়ত জিলা উপায়ুক্তৰ বৈঠক

author img

By

Published : Apr 26, 2021, 7:17 PM IST

ডিব্ৰুগড়, ২৬ এপ্ৰিল: ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে মহামাৰী কৰ’ণাই ভয়াৱহ ৰূপ লৈছে ডিব্ৰুগড়ত ৷ দৈনিক আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত সোমবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ক’ভিড সম্পৰ্কে এখন সভা অনুষ্ঠিত কৰা হয় । জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত টীকাকৰণ সৰ্ম্পকে স্বাস্থ্য বিভাগৰ চিকিৎসক, বিষয়া আৰু কৰ্মচাৰীসকলৰ উপস্থিতিত জিলা টাস্ক ফ’ৰ্চৰ এখন সভা অনুষ্ঠিত হয় ।

উক্ত সভাত উপায়ুক্তগৰাকীয়ে যিসমূহ টীকাকৰণ কেন্দ্ৰত ক'ভিড-১৯ ৰ টীকাকৰণ প্ৰক্ৰিয়া চলি আছে সেইসমূহ কেন্দ্ৰত কঠোৰভাৱে সামাজিক দূৰত্ব মানি চলা, মাস্ক পৰিধান কৰাৰ লগতে অন্যান্য ক'ভিড প্ৰ'টকলসমূহ যাতে সকলোৱে পালন কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে । ইয়াৰোপৰি, তেওঁ স্বাস্থ্য বিভাগৰ চিকিৎসক আৰু চক্ৰ বিষয়াসকলৰ সহযোগত হোম আইচলেছনত থকা ক'ভিড ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লয় । লগতে ক'ভিডৰ নীতি-নিয়মসমূহ সঠিকভাৱে পালন কৰা হৈছে নে নাই তাৰ প্ৰতি নজৰ ৰাখিবলৈ কয় ।

ইয়াৰ লগতে উপায়ুক্তগৰাকীয়ে স্বাস্থ্য বিভাগৰ চিকিৎসক আৰু বিষয়াসকলক বজাৰ, পেট্ৰ’ল পাম্প, ধাবা আদি স্থানত ম'বাইল টেষ্টিং চেণ্টাৰৰ জৰিয়তে ক'ভিড-১৯ পৰীক্ষা কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । সোমবাৰৰ এই সভাত অতিৰিক্ত উপায়ুক্ত তপন কুমাৰ গোহাঁইৰ লগতে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকো উপস্থিত থাকে ।

লগতে পঢ়ক: হোজাইত চীপ লোৱা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.