ETV Bharat / state

অখিল গগৈৰ মুক্তি, কা' বাতিলৰ দাবীত মৰাণত শিল্পী সমাজৰ সাংস্কৃতিক প্ৰতিবাদ - undefined

বৃহস্পতিবাৰে কৃষক নেতা অখিল গগৈৰ বিনা চৰ্তে মুক্তি আৰু কা বাতিলৰ দাবীত মৰাণত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু মৰাণবাসী ৰাইজৰ সহযোগত মৰাণৰ শিল্পী সমাজে এক সাংস্কৃতিক প্ৰতিবাদ ৷

Cultural protest for release Akhil Gogoi and CAA in Moran

author img

By

Published : Jul 31, 2020, 12:07 AM IST

মৰাণ, 30 জুলাই : কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুক্তি আৰু কা বাতিলৰ দাবীত বৃহস্পতিবাৰে মৰাণত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু মৰাণবাসী ৰাইজৰ সহযোগত মৰাণৰ শিল্পী সমাজে এক সাংস্কৃতিক প্ৰতিবাদ সাব্যস্ত কৰে । কৃষক নেতাগৰাকীৰ মুক্তিৰ দাবীত অসমৰ বিভিন্ন প্ৰান্তত কৃষক মুক্তিকে আদি কৰি বিভিন্ন জাতীয় দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি থকাৰ সমান্তৰালকৈ বৃহস্পতিবাৰে মৰাণত একাংশ শিল্পীয়ে একলগ হৈ কবিতা আৰু গীত পৰিবেশন কৰি কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুক্তিৰ দাবী উত্থাপন কৰে ।

কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে অসমবাসীৰ ওপৰত জাপি দিয়া জাতিধ্বংসী আইন 'কা' কোনো কাৰণতে অসমৰ ৰাইজে মানি নলয় বুলি প্ৰতিবাদ স্থানৰ পৰাই সকীয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ।

মৰাণত শিল্পী সমাজৰ সাংস্কৃতিক প্ৰতিবাদ

এই প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰাই চৰকাৰে জাতিধ্বংসী আইন 'কা' বাতিল নকৰালৈকে অসমৰ ৰাইজে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি থাকিব বুলি ৰাজ্য চৰকাৰক তীব্ৰ ভাষাৰে হুংকাৰ প্ৰদান কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আহোম জাতীয় গণ মঞ্চকে ধৰি বিভিন্ন দল সংগঠনৰ নেতা কৰ্মী সকলে ।

প্ৰতিবাদী কাৰ্যসূচীত শিল্পী সমাজৰ হৈ শিল্পী মাধৱ ৰঞ্জন, ত্রিৰংগ তামুলী, তনয় ফুকনকে ধৰি কেইবাজনো শিল্পীয়ে অংশগ্ৰহণ কৰি গীতৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে চাওক-খোৱাঙত জৰাজীৰ্ণ পথত ভূঁ‌ই ৰুই ৰাইজৰ প্ৰতিবাদ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.