ETV Bharat / state

ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিল এচিড আক্ৰমণকাৰী

author img

By

Published : Feb 15, 2021, 12:17 PM IST

Updated : Feb 15, 2021, 1:02 PM IST

আৰক্ষীৰ জালত পৰিল ডিব্ৰুগড়ৰ এচিড আক্ৰমণৰ মূল অভিযুক্ত ৷ 50 বছৰীয়া অভিযুক্ত বুদ্ধদেৱ দাস ওৰফে এপেল দাসক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ডিব্ৰুগড় আৰক্ষী ।

ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিল এচিড আক্ৰমনকাৰী

মৰাণ,15 ফেব্ৰুৱাৰীঃ অৱশেষত আৰক্ষীৰ জালত পৰিল ডিব্ৰুগড়ৰ এচিড আক্ৰমণৰ মূল অভিযুক্ত ৷ 50 বছৰীয়া অভিযুক্ত বুদ্ধদেৱ দাস ওৰফে এপেল দাসক নিশা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ডিব্ৰুগড় আৰক্ষী ।

প্ৰাপ্ত তথ্য অনুসৰি, ডিব্ৰুগড় নগৰৰ উপ-পৰিদৰ্শক মনোৰঞ্জন শইকীয়া আৰু আমোলাপট্টী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপ সোণোৱালৰ নেতৃত্বত চলোৱা অভিযানত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বুদ্ধদেৱ দাসক । অভিযুক্ত বুদ্ধদেৱৰ ঘৰ ডিব্ৰুগড়ৰ শান্তিপাৰাত ৷

ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিল এচিড আক্ৰমণকাৰী

উল্লেখ্য যে, এটা শ্বপিং মলত কৰ্মৰত আছিল ভুক্তভোগী মহিলাগৰাকী ৷ মহিলাগৰাকীক পূৰ্বে বহুবাৰ অভিযুক্ত বুদ্ধদেৱে দিছিল প্ৰেমৰ প্ৰস্তাৱ ৷ কিন্তু বাৰে বাৰে প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ ফলত দেওবাৰে সন্ধিয়া ডিব্ৰুগড়ৰ আমোলাপট্টীত মহিলাগৰাকী কৰ্মস্থলীৰ পৰা ঘৰলৈ ওভতাৰ সময়তে মাজৰাস্তাত এচিড ঢালি আক্ৰমণ কৰে । বৰ্তমান মহিলাগৰাকী অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃ যৌতুকজনিত কাৰণত বোৱাৰী হত্যাৰ অভিযোগ

Last Updated : Feb 15, 2021, 1:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.