টিংখাং,27 অক্টোবৰ:SI কেলেংকাৰীক কেন্দ্ৰ কৰি পুনৰ প্ৰতিবাদত নামিল চিপিআই (এম এল) দল । দলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বলিন্দ্ৰ শইকীয়া আৰু ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক বিতোপন বকলীয়ালে এচ আই কেলেংকাৰীৰ তদন্তৰ নামত ভেকো ভাওনা বন্ধ কৰা, এচ আই কেলেংকাৰীৰ ন্যায়িক তদন্ত কৰা আৰু টিংখাঙৰ বিধায়ক বিমল বৰাক তদন্তৰ আওতালৈ অনাৰ দাবীত মঙলবাৰৰ পৰা পূৱা ৬ বজাৰ পৰা দলৰ টিংখাঙৰ ৰাজগড়স্থিত কাৰ্যালয়ৰ সন্মুখ তথা মৰাণ নাহৰকটীয়া পথৰ কাষত ৩৬ ঘণ্টীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰে । ৰাজ্যৰ ইতিহাসৰ সৰ্ববৃহৎ কেলেংকাৰীটোৰ চিআইডিৰ দ্বাৰা আৰম্ভ হোৱা তদন্তই শাসকীয় দলটোক ৰক্ষনাবেক্ষণ দিয়াৰহে চেষ্টা কৰা দেখা গৈছে বুলি অভিযোগ কৰে দুই অনশনকাৰীয়ে ।
তদুপৰি টিংখাঙৰ বিধায়ক বিমল বৰাৰ নাম উচ্চাৰিত হোৱাৰ পিছতো কোনো পদক্ষেপ গ্ৰহণ নকৰা, শাসকীয় দলৰ লগত সু সম্পৰ্ক থকা একাংশ বিশেষ ব্যক্তিক জেৰা নকৰা, সামান্য জেৰা কৰি জেললৈ প্ৰেৰণ কৰা আদি কামৰ মাজেদি চিআইডিয়ে নিজৰ অক্ষমতাক প্ৰমাণ কৰাৰ লগতে ৰাজনৈতিক হস্তক্ষেপকো উদঙাই দিলে । টিংখাঙত গোপনে প্ৰশিক্ষণ শিবিৰ অনুস্থিত কৰা বিমল বৰাৰ ক্ষেত্ৰত দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি গ্ৰহণ কৰা মুখ্যমন্ত্ৰীয়ে সমষ্টিৰ সচেতন নাগৰিক সকলে তদন্তৰ দাবী উত্থাপন কৰাৰ পিছতো কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ মাজেদি দুৰ্নীতিৰ ক্ষেত্ৰত আপোচ কৰিছে বুলি মন্তব্য কৰে দুই অনশনকাৰীয়ে ৷
লগতে পঢ়ক: ৰাষ্ট্ৰীয় শিল্পকলা ক্ষেত্ৰত জিলিকিছে মৰাণৰ এগৰাকী চিত্ৰশিল্পী