ETV Bharat / state

মৰাণত গৰু চোৰক উত্তম-মধ্যম ৰাইজৰঃশূন্যলৈ গুলীচালনা আৰক্ষীৰ

author img

By

Published : Feb 29, 2020, 2:29 AM IST

মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত দিৰৈ-ৰাঙলী মূলাগাভৰুত শুকুৰবাৰে পুৱতি নিশা স্থানীয় ৰাইজে কৰায়ত্ত কৰে চাৰিটাকৈ গৰু চোৰ ৷ চোৰকেইটাক ৰাইজে উত্তম-মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে ৷ ঘটনাস্থলীত মৰাণহাট আৰু কাকতিবাৰী আৰক্ষী উপস্থিত হৈ শূন্যলৈ গুলীচালনা কৰাতহে পৰিস্থিতি শান্ত হয় ৷

Cow thief arrested at moran dibrugarh assam etv bharat news
গৰু চোৰ আটক

মৰাণ,২৮ ফেব্ৰুৱাৰীঃ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত দিৰৈ-ৰাঙলী মূলাগাভৰুত শুকুৰবাৰে পুৱতি নিশা স্থানীয় ৰাইজে কৰায়ত্ত কৰে চাৰিটাকৈ গৰু চোৰ ৷ চোৰকেইটাক ৰাইজে উত্তম-মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে ৷ ধৃত চোৰ কেইটা হৈছে ক্ৰমে-সোণাৰি শান্তিপুৰৰ কমল দুৱৰা(৪৮),ৰাঙলীৰ বটুৱা গাঁৱৰ অমৰজ্যোতি দত্ত(২৫), নাফুকৰ ভাইমন গগৈ আৰু উচ্চাবাম ভাগ্যপুৰৰ জগত গগৈ(২৯) ৷

গৰু চোৰ আটক

প্ৰাপ্ত তথ্য অনুসৰি,শুকুৰবাৰে পুৱতি নিশা প্ৰায় ৩বজাত এখন বলেৰ’ বাহনত চুৰি গৰু কঢ়িয়াই অনাৰ বিষয়ে জানিব পাৰি স্থানীয় গাঁৱৰক্ষী বাহিনীয়ে বাহনখন ৰখাবলৈ চেষ্টা কৰে ৷ কিন্তু গাঁৱৰক্ষী বাহিনীৰ চেষ্টাক ব্যৰ্থ কৰি বাহনখনে পলায়ন কৰে ৷ আনহাতে,অঞ্চলটোৰ স্থানীয় ৰাইজে বিষয়টো সন্দৰ্ভত জানিব পাৰি চোৰৰ সন্ধানত ওলাই আহে আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত চোৰকেইটা কৰায়ত্ত কৰে ৷ ধৃত চোৰকেইটাক স্থানীয় ৰাইজে উত্তম-মধ্যম শোধোৱাৰ পিছত অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ঘটনাস্থলীত মৰাণহাট আৰু কাকতিবাৰী আৰক্ষী উপস্থিত হৈ শূন্যলৈ গুলীচালনা কৰাতহে পৰিস্থিতি শান্ত হয় ৷ আৰক্ষীয়ে চোৰকেইটাক নিজৰ জিন্মালৈ নিয়াৰ লগতে চোৰকেইটাই ব্যৱহাৰ কৰা এ এছ ০১ এ এইছ ৩৪৯১ নম্বৰৰ এখন চুইফট ডিজায়াৰ আৰু এ এছ ০৪ ডব্লিউ ৫৪০৭ নম্বৰৰ এখন পালছাৰ বাইক আৰু দুখন নম্বৰবিহীন মটৰচাইকেল জব্দ কৰে ৷

লগতে চাওকঃকাৰ বিৰুদ্ধে আছুৱে ধাৰাবাহিকভাৱে চলাই নিব সংগ্ৰাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.