মৰাণ,১০ মে': মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ দেশজুৰি টীকাকৰণ প্ৰদান প্ৰক্ৰিয়া অব্যাহত আছে । ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ পৰা ৰক্ষা পৰিত্ৰাণ পাবলৈ চৰকাৰে ইতিমধ্যে ৪৫ ৰ ঊৰ্ধৰ লোকসকলক ক'ভিড প্ৰতিষেধক প্ৰদান কৰাৰ সমান্তৰালকৈ ১৮-৪৪ বয়সৰ লোকসকলকো ক'ভিড প্ৰতিষেধকৰ টীকাকৰণ প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।
সোমবাৰে মৰাণতো পাটসাঁকো প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত মৰাণ উষাপুৰস্থিত মাৰোৱাৰী যুৱ মঞ্চ মৰাণ শাখাৰ কাৰ্যালয়ত ১৮-৪৪ বছৰৰ লোকসকলকো ক'ভিড প্ৰতিষেধক প্ৰদান কৰে । উল্লেখ্য যে, সম্পূৰ্ণ ক'ভিড বিধি অনুসৰি প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াত ১৫০ গৰাকীক প্ৰদান কৰিব প্ৰতিষেধক ৷