ETV Bharat / state

দেওবাৰৰ দিনটোত মৰাণৰ ক'ভিডৰ তথ্য - পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

দেওবাৰলৈকে মৰাণত ১,৯৮৬ গৰাকীলৈ বৃদ্ধি পালে ক’ভিড ৰোগীৰ সংখ্যা ৷ চৰাইদেউ জিলাৰ পাটসাঁকোত ৪৭১ গৰাকী লোক কৰ’ণাত আক্ৰান্ত হৈছে ৷

দেওবাৰৰ দিনটোত মৰাণৰ ক'ভিডৰ তথ্য
দেওবাৰৰ দিনটোত মৰাণৰ ক'ভিডৰ তথ্য
author img

By

Published : May 31, 2021, 2:30 PM IST

মৰাণ,31 মে’: ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত দেওবাৰৰ দিনটোতে ৬৮ গৰাকী লোকৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰিছে ৷ ইয়াৰে খোৱাং স্বাস্থ্য কেন্দ্ৰৰ ৬১ গৰাকী, ৩ গৰাকী চৰাইদেউ, এগৰাকী ধেমাজিৰ আৰু ৩ গৰাকী নাহৰণি ব্লকৰ নিবাসী বুলি জানিব পৰা গৈছে । খোৱাং প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত এলেকাত দেওবাৰলৈকে ১,৯৮৬ গৰাকীলৈ ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পালে ।

এই ক'ভিড আক্ৰান্তসকলৰ ১৫ গৰাকীক মৰাণ নৱোদয় বিদ্যালয়, লেঙেৰী ক’ভিড চিকিৎসা কেন্দ্ৰ, ভামুন চাহ বাগিচাৰ আইচ’লেশ্যন ৱাৰ্ডত ৰখাৰ বিপৰীতে বাকীসকলক হোম আইচ’লেশ্যনত ৰখা হৈছে । আনহাতে, বৰ্তমান ৪৯৭ গৰাকী ক’ভিড সংক্ৰমিত ৰোগী হোম আইচ’লেশ্যনত আছে ।

উল্লেখ্য যে, চৰাইদেউ জিলাৰ পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত দেওবাৰে ৯ গৰাকী লোকৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰিছে । পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত এলেকাত ৪৭১ গৰাকী লোক ক'ভিড 19 ত আক্ৰান্ত হৈছে ৷ চিকিৎসকসকলে জানিবলৈ দিয়া মতে, আক্ৰান্ত প্ৰায় সকলোকে হোম আইচ’লেশ্যনত ৰখা হৈছে । দুয়োখন জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলত ২,৪৫৭ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে ।

চৰাইদেউ জিলাৰ পাটসাঁকোৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত মৰাণ নগৰৰ ১ নং ৱাৰ্ড বিষ্ণুপুৰৰ নিবাসী প্ৰশান্ত বল্লভ গোস্বামী (৬৫) ৰ ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হয় । ইয়াৰ লগে লগে বৃহত্তৰ মৰাণত ক'ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ২৪ বৃদ্ধি পালে ৷

লগতে পঢ়ক: বৰপেটাত দেওবাৰে ৬ গৰাকী কৰ’ণা আক্ৰান্ত ৰোগীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.