মৰাণ, 4 জুন : কৰ’ণা সৃষ্ট পৰিবেশৰ মাজতে এজন অচিনাক্ত কৰ’ণা ৰোগীৰ মৃত্য়ুৱে মৰাণত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বৃহস্পতিবাৰে ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণত পদপথৰ কাষত অসুস্থ অৱস্থাত পৰি থকা এজন অচিনাক্ত লোকক উদ্ধাৰ কৰিছিল আৰক্ষীৰ ৷
অসুস্থ ব্যক্তি জনক উদ্ধাৰ কৰি আৰক্ষীয়ে মৰাণ ৰাজ্যিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে । প্ৰায় ৪২ বছৰীয়া লোকজন চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে লোকজনক মৃত বুলি জানিবলৈ দিয়ে ।
উল্লেখ্য যে, মৃত লোকজনক ক’ভিড পৰীক্ষা কৰাত লোকজনৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে । ইয়াকে লৈ এতিয়া মৰাণত চাঞ্চল্যৰ সৃষ্টি হৈছে । আনহাতে, মৃতলোকজনৰ পৰিচয় এতিয়ালৈ চিনাক্ত কৰিব পৰা নাই বুলি আৰক্ষীয়ে জানিব দিয়ে ।
লগতে পঢ়ক : কাগজ কল কিনিবলৈ ইচ্ছুক ব্যক্তিক গামোচা পিন্ধাব মুখ্যমন্ত্ৰীয়ে