ETV Bharat / state

ডিব্ৰুগড়ত ক'ভিড প্ৰট'কল ভংগ কৰি ক'ভিড ৰোগীৰ মৃতদেহ সৎকাৰ

author img

By

Published : Jun 12, 2021, 3:49 PM IST

ৰাইজৰ অভিযোগ পিপিই কিট নিপিন্ধাকৈ ক'ভিড ৰোগীৰ মৃতদেহ সৎকাৰ কৰিছে ডিব্ৰুগড় জিলা প্ৰশাসনৰ দ্বাৰা নিয়োজিত সৎকাৰকাৰী দলে ৷ ৰোগীৰ মৃতদেহ সৎকাৰ কৰা শ্মশানস্থলী চেনিটাইজ নকৰাৰো অভিযোগ ৰাইজৰ ৷

allegation-against-cremation-process-of-covid-19-patient-at-dibrugarh
ডিব্ৰুগড়ত ক'ভিড প্ৰটকল ভংগ কৰি ক'ভিড ৰোগীৰ মৃতদেহ সৎকাৰ

ডিব্ৰুগড়, 12 জুন: ক'ভিড সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে যদিও একাংশ দায়িত্বশীল লোকে এই নিৰ্দেশনা অমান্য কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে ৷ শেহতীয়াকৈ ডিব্ৰুগড়ৰ চৌকীডিঙী ৰাজহুৱা শ্মশানত ক'ভিড প্ৰট'কল ভংগ কৰি এগৰাকী ক'ভিড ৰোগীৰ মৃতদেহ দাহ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ।

ডিব্ৰুগড়ত ক'ভিড প্ৰট'কল ভংগ কৰি ক'ভিড ৰোগীৰ মৃতদেহ সৎকাৰ

ৰাইজৰ অভিযোগ, পিপিই কিট পৰিধান নকৰাকৈ ক'ভিড ৰোগীৰ মৃতদেহ সৎকাৰ কৰিছে প্ৰশাসনৰ দ্বাৰা নিয়োজিত সৎকাৰকাৰী দলটোৱে ৷ তদুপৰি, ক'ভিড ৰোগীৰ মৃতদেহ সৎকাৰ কৰা শ্মশানস্থলী চেনিটাইজ নকৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷

আনহাতে ক'ভিড প্ৰট'কল ভংগ কৰি মৃতদেহ সৎকাৰ কৰাৰ অভিযোগ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে মৃতদেহ সৎকাৰ কৰা পৌৰসভাৰ চাফাই কৰ্মচাৰীসকলে ৷ ইয়াৰ বিপৰীতে ডিব্ৰুগড়ত ক'ভিড ৰোগীৰ সৎকাৰৰ নামত একাংশ মধ্যভোগীয়ে বৃহৎ ধন সংগ্ৰহ কৰা বুলিও অভিযোগ উত্থাপিত হোৱা পৰিলক্ষিত হৈছে ৷ ক'ভিড ৰোগীৰ মৃতদেহ সৎকাৰৰ নামত এটা চক্ৰই 20 হাজাৰ টকা পৰ্যন্ত আদায় কৰি আহিছে বুলিও অৱগত কৰে পৌৰসভাৰ চাফাই কৰ্মচাৰীসকলে ৷

লগতে পঢ়কঃ ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ ২.১৬ শতাংশলৈ হ্ৰাস

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.