ETV Bharat / state

Covid in AMCH : অসম চিকিৎসা মহাবিদ্যালয়ত বৃদ্ধি পাইছে ক'ভিড ৰোগীৰ সংখ্যা - Covid in AMCH

ৰাজ্যত অব্যাহত আহে ক’ভিড-19ৰ সংক্ৰমণ ৷ শেহতীয়াকৈ বহুকেইখন জিলাত ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ যাক লৈ চিন্তিত হৈ পৰিছে অসম চৰকাৰ ৷ উদ্বেগজনকভাৱে অসম চিকিৎসা মহাবিদ্যালয়তো বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা (Covid cases in AMCH)।

Covid in AMCH
অসম চিকিৎসা মহাবিদ্যালয়ত বৃদ্ধি পাইছে ক'ভিড ৰোগীৰ সংখ্যা
author img

By

Published : Jan 6, 2022, 8:37 PM IST

মৰাণ, 6 জানুৱাৰী : ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক'ভিড-19ৰ সংক্ৰমণ ৷ ক'ভিড-19ৰ পুনৰ ভয়াৱহ সংক্ৰমণক লৈ আতংকিত হৈ পৰিছে সাধাৰণ জনতা ৷ ক'ভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰমণক লৈ আতংকিত হৈ থকাৰ মাজতে বিগত তিনিদিনত ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাতো ৮০ জনলৈ বৃদ্ধি পালে ক'ভিড আক্ৰান্তৰ সংখ্যা । ইয়াৰ সমান্তৰালকৈ অসম চিকিৎসা মহাবিদ্যালয়তো বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা (Covid cases in AMCH)।

অসম চিকিৎসা মহাবিদ্যালয়ত বৃদ্ধি পাইছে ক'ভিড ৰোগীৰ সংখ্যা

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙ্গীয়াই জানিবলৈ দিয়ামতে, বৃহস্পতিবাৰৰ দিনটোত জিলাখনত ২১ জনলৈ বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা । এইসকল ক'ভিড ৰোগী এ এম চিৰ ক'ভিড ৱাৰ্ডৰ লগতে ছুপাৰ স্পেচিয়েলিটি হাস্পতালত চিকিৎসাধীন হৈ আছে । আনহাতে চিকিৎসালয়খনত পূৰ্বতে ৪০ৰ পৰা ৫০ জনলৈ ক'ভিড ৰোগীৰ মৃত্যু হৈছিল যদিও যোৱা সপ্তাহৰ তথ্য অনুসৰি এজনৰ পৰা দুজনলৈ ক'ভিড ৰোগীৰ মৃত্যু হৈছে (Covid Patient's death in AMCH)।

অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই লগতে আহ্বান জনায় যে, ক’ভিড-19ৰ তৃতীয়টো ঢৌ অহাৰ আগে আগে প্ৰত্যেকজন ব্যক্তিয়ে সজাগ সচেতন হোৱাৰ লগতে মুখত একোখনকৈ মাস্ক, চেনিটাইজাৰ ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনায় (Precaution of Covid-19) ।

লগতে পঢ়ক: অ'মিক্ৰণক লৈ শংকিত হোৱাৰ বিপৰীতে সতৰ্ক হোৱাৰ আহ্বান ডাঃ অভিজিৎ শৰ্মাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.