ETV Bharat / state

ডিব্ৰুগড়ত বিদ্যালয়ৰ বিশ্ববিদ্যালয়লৈকে ক’ভিডে সৃষ্টি কৰিছে ভয়াৱহ পৰিস্থিতি

author img

By

Published : Jan 21, 2022, 12:13 PM IST

Updated : Jan 21, 2022, 2:07 PM IST

ডিব্ৰুগড়ত ভয়াৱহ ক'ভিড পৰিস্থিতি ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৫৯ গৰাকী শিক্ষক-কৰ্মচাৰী আক্ৰান্ত ক'ভিডত (COVID in Dibrugarh university campus) ৷ জিলাখনৰ  তিনিখন হাইস্কুল মাইক্ৰ' কন্টেইনমেন্ট জ'ন ঘোষণা প্ৰশাসনৰ ৷

covid-affecting-educational-institutes-of-dibrugarh

মৰাণ, 21 জানুৱাৰী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সৃষ্টি হৈছে ভয়াৱহ ক'ভিড পৰিস্থিতিৰ (COVID in Dibrugarh University)। বিশ্ববিদ্যালয়খনত ৫৯ গৰাকী শিক্ষক-কৰ্মচাৰী আক্ৰান্ত হৈছে ক'ভিড-১৯ত । এই পৰ্যন্ত বিশ্ববিদ্যালয়খনত পজিটিভিটিৰ ৰেট হৈছে ২৭ শতাংশ । ইতিপূৰ্বে ক'ভিডৰ বাবে ৭ টাকৈ ছাত্ৰ নিৱাসক ঘোষণা কৰা হৈছিল মাইক্ৰ' কন্টেইনমেন্ট জ'ন (Dibrugarh university hostels declared micro containment zone) ।

ইফালে, ডিব্ৰুগড় জিলাত তিনিখন হাইস্কুল মাইক্ৰ' কন্টেইনমেন্ট জ'ন ঘোষণা কৰিছে প্ৰশাসনে (schools in Dibrugarh declared micro containment zone) । চেঁচুঘাট শিলপুতা সংযুক্ত হাইস্কুল, মদাৰখাট ছোৱালী হাইস্কুল আৰু তিনিঠেঙীয়া ইণ্ডাষ্ট্ৰিয়েল হাইস্কুলক ঘোষণা কৰা হৈছে কন্টেইনমেন্ট জ'ন । আনহাতে, খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত প্ৰাথমিক চিকিৎসালয় আৰু উপস্বাস্থ্য কেন্দ্ৰ সমূহত সোমবাৰে দিনটোতে ৩৫ গৰাকীকৈ লোকৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে ।

ইফালে খোৱাঙৰ দুখনকৈ বিদ্যালয়ত ক'ভিড সংক্ৰমণ ধৰা পৰাত বিদ্যালয় দুখন ৭ দিনৰ বাবে বন্ধ ঘোষণা কৰিছে (COVID affecting educational institutes of Dibrugarh) ।

বিষয়া চিকিৎসক এম সোণোৱালে জানিবলৈ দিয়া অনুসৰি খোৱাং তিনঠেঙীয়া কাৰিকৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৪ গৰাকী শিক্ষক আৰু ২ গৰাকী ছাত্ৰ মুঠ ৬ জন, চেঁচুঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৫ জন শিক্ষক আৰু এগৰাকী কৰ্মী মুঠ ৬ জনৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে । বাকী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলৰ টেষ্ট কৰা হৈছে বুলি জানিব পৰা গৈছে । দুয়োখন বিদ্যালয় ৭ দিনৰ বাবে বন্ধ ঘোষণা কৰিছে । ইফালে ইয়াৰ পিছতে খোৱাং অঞ্চলত ক'ভিডক লৈ এক আতংকৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ ব্যক্তিগত উচ্চাকাংক্ষাৰ স্বাৰ্থত অসমৰ ভূমি মেঘালয়ক গতাই দিয়াৰ সিদ্ধান্ত

Last Updated : Jan 21, 2022, 2:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.