মৰাণ, 17 জুনঃ খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত থকা এগৰাকী লোকৰ দেহত ধৰা পৰিছে COVID-19ৰ অৱস্থিতি ৷ মৰাণ ফটিকাছোৱাৰ নিলোৎপল চুতীয়া নামৰ লোকজন চেন্নাইৰ পৰা ১৩ জুনত আহিছিল বিমানযোগে ৷
বুধবাৰে লোকজনৰ স্বাৱ পৰীক্ষাৰ ফলাফলত ধৰা পৰে COVID-19ৰ অৱস্থিতি ৷ স্বাস্থ্য বিভাগৰ লোকে যুৱক জনক ইতিমধ্যে চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ৷ আনহাতে খোৱাঙৰ একেটা কোৱাৰেণ্টাইন কেন্দ্ৰত থকা ৩২ জন লোকৰো ইতিমধ্যে স্বাৱ সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিভাগৰ লোকে ৷
লগতে পঢ়কঃ দক্ষিণ শালমাৰাৰ সুখচৰত অপহৰণকাণ্ড