ETV Bharat / state

সুলভ মূল্যৰ চাউল চোৰাং ভাৱে বিক্ৰী, ৰৌমাৰীত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Jul 27, 2020, 4:19 AM IST

Updated : Jul 27, 2020, 4:48 AM IST

চাউল চোৰাং কৈ বিক্ৰী কাৰ্যৰ লগত জৰিত সকলৰ বিৰুদ্ধে ৰাইজৰ এজাহাৰ দাখিল ৷ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷

সুলভ মূল্যৰ চাউল চোৰাং ভাৱে বিক্ৰী, ৰৌমাৰীত উত্তপ্ত পৰিস্থিতি
সুলভ মূল্যৰ চাউল চোৰাং ভাৱে বিক্ৰী, ৰৌমাৰীত উত্তপ্ত পৰিস্থিতি

ডিব্ৰুগড়, 27 জুলাইঃ কৰ'ণা মহামাৰীৰ ফলত যিটো সময়ত ৰাজ্যৰ একাংশ লোকৰ মাজত খাদ্য সংকটে দেখা দিছে , সেই সময়তে একাংশ সুলভ মূল্যৰ ব্যৱসায়ীয়ে দৰিদ্ৰ লোকৰ বাবে অহা চাউল, কেৰাচিন আদি চোৰাং ভাৱে বিক্ৰী কৰি লুন্ঠন চলাবলৈ আৰম্ভ কৰিছে । তেনে এক ঘটনাই শনিবাৰে সন্ধিয়া সংঘটিত হ'ল ডিব্ৰুগড় জিলাৰ খোৱাং ৰৌমাৰীত ।

নখাত সমবায় সমিতিৰ ৰৌমাৰীৰ এজেণ্ট ঘনকান্ত কছাৰীয়ে সুলভ মূল্যৰ তিনিবেগ চাউল তিনঠেঙীয়াৰ ভোগালী পথাৰ গাঁ‌ৱৰ প্ৰবীন সোনোৱাল বড়াক বিক্ৰী কৰিবলৈ তেওঁৰ এ এচ ০৬ বি চি ৫১৮০ নম্বৰৰ বলেৰ' পিক আপ গাড়ীখনত উঠাবলৈ লওঁতেই স্থানীয় লোকে হাতে লোটে ধৰা পেলায় । ইয়াৰ পিছতে চোৰাং ভাৱে চাউল বিক্ৰী কৰাৰ অভিযোগ তুলি স্থানীয় ৰাইজে ঘনকান্ত কছাৰীৰ বাসগৃহত নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷

ৰৌমাৰীত উত্তপ্ত পৰিস্থিতি

স্থানীয় লোকে জানিবলৈ দিয়া মতে সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপু ৰঞ্জন মাক্ৰাৰীৰ লগত ঘনিষ্ঠ সম্পৰ্ক থকা ঘনকান্ত কছাৰীৰ বাসগৃহত ৮০ বাণ্ডিল সূতাও মজুত কৰি থোৱা অৱস্থাত পায় । ইয়াকে লৈ ঘনকান্তৰ লগতে তেখেতৰ পত্নীৰ সৈতে ৰাইজৰ তীব্ৰ বাক-বিতণ্ডাও সৃষ্টি হয় । পিছত খোৱাং থানাৰ আৰক্ষী লোকজনৰ ঘৰত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ঘনকান্ত কছাৰী আৰু প্ৰবীন সোনোৱাল (বড়া)ক গ্ৰেপ্তাৰ কৰি নিশাই বলেৰ' পিক আপ গাড়ীখনৰ সৈতে থানালৈ লৈ আহে ।

অৱশ্যে ব্যক্তিজনৰ ঘৰত মজুত ৰখা সুলভ মূল্যৰ চাউল আৰু সূতা আৰক্ষীয়ে বাতৰি লিখা সময়ৰলৈকে জব্দ কৰা নাই । ইফালে আজি ৰৌমাৰী গাঁ‌ৱৰ একাংশ লোক খোৱাং থানাত উপস্থিত হৈ দুয়োজন ব্যক্তিৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবে এখন এজাহাৰ দাখিল কৰে । বহু সময় ধৰি খোৱাং থানাত অৱস্থান কৰি থকা ৰৌমাৰীৰ একাংশ লোকে সংবাদ মাধ্যমৰ আগত কয় যে ব্যক্তিজনে দীৰ্ঘদিন ধৰি এনেধৰণৰ সুলভ মূল্যৰ সামগ্ৰী চোৰাং ভাৱে বিক্ৰী কৰি আহিছে । তেওঁৰ ওপৰত শাস্তিমূলক ব্যৱস্থা লোৱাৰ ওপৰিও ব্যক্তিজনৰ সমবায় এজেণ্টৰ লাইচেঞ্চ বাতিল কৰিবলৈ উৰ্দ্ধতম কৰ্তৃপক্ষক দাবী জনায় ।

corruption-of-ration-shop-in-khowang
দাখিল কৰা এজাহাৰখন..

লগতে পঢ়কঃ স্বাধীনতাৰ 73 বছৰ পিচতো পৰাধীনতাৰ কৱলত এখন গাঁও

Last Updated : Jul 27, 2020, 4:48 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.