ETV Bharat / state

মৰাণত পথ নিৰ্মাণত দুৰ্নীতি - মৰাণ

পৰিবৰ্তনৰ কথা কোৱা চৰকাৰৰ নেতা মন্ত্ৰী বিধায়কে সততে কৈ থৈকে দ্ৰুত উন্নয়নৰ কথা ৷ কিন্ত মৰাণ বিধাণ সভা সমষ্টিত উন্নয়নৰ নামত বৃহৎ শূন্য । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ স্থিতি লোৱা হ'ব বুলি ঢাক ঢোল কোবাইছিল যদিও বহু ক্ষেত্ৰত এই প্ৰতিশ্ৰুতি যেন বুমেৰাং হোৱাহে পৰিলক্ষিত হৈছে ।

মৰাণত পথ নিৰ্মাণত দুৰ্নীতি
author img

By

Published : Sep 7, 2019, 10:19 PM IST

মৰাণ, 7 চেপ্তেম্বৰঃ মৰাণ বিধান সভা সমষ্টিৰ হালধীবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত দিখাৰি কিনাৰ এটা পথ মেৰামতিত হোৱা অনিয়মেই ইয়াৰ এক উদাহৰণ । স্থানীয় ৰাইজে সাংবাদিকৰ আগত কৰা অভিযোগ অনুসৰি শিলপুতাৰ পৰা দিখাৰী কিনাৰ সৰগফলা 'ন-আলি' নামৰ আলিটো মেৰামতিৰ বাবে প্ৰধান মন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ অধীনত প্ৰায় দুই কোটি টকাৰ পুঁজি আৱন্তন দিয়া হৈছিল যদিও পথটো সম্পূৰ্ণ কৰিব পৰা নাই ঠিকাদাৰে । গড়কাপ্তানি বিভাগ, গ্ৰাম্য পথ সংমণ্ডল, ডিব্ৰুগড়ৰ তত্ত্বাৱধানত পথটোৰ মেৰামতিৰ দায়িত্ব লৈছিল ববিস্মৃতা চেতিয়া গগৈ নামৰ ঠিকাদাৰ গৰাকীয়ে । স্থানীয় ৰাইজে অভিযোগ কৰা মতে ২০১৮ চনতেই মেৰামতিৰ কাম সম্পূৰ্ণ কৰিব লগীয়া পথটো যেনেদৰে মেৰামতি কৰিব লাগিছিল তেনেদৰে কৰা নাই ঠিকাদাৰে ।

মৰাণত পথ নিৰ্মাণত দুৰ্নীতি

পথটোত স্থাপন কৰা কালভাৰ্ট সমূহ নতুন আৰু উন্নত মানদণ্ডৰ হ'ব লাগে যদিও ঠিকাদাৰে নতুন কালভাৰ্ট নলগাই পুৰণা কালভাৰ্ট স্থাপন কৰি কামৰ দায়িত্ব শেষ কৰিবলৈ চেষ্টা কৰিছে । ইয়াৰ উপৰিও পুৰণা পথটো ঠায়ে ঠায়ে চাপৰ হৈ থকাত বাৰিষা পথৰ ওপৰেৰে পানী বাগৰিবলৈ ধৰে । পথটোত মাটি পেলাই ওখ কৰি লোৱাৰ ক্ষেত্ৰতো ঠিকাদাৰে গুৰুত্ব দিয়া নাই । যাৰ বাবে পথটোৰ ঠায়ে ঠায়ে ফাঁ‌ট মেলিবলৈও আৰম্ভ কৰিছে । পথটোৰ‌ এখন পকী দলং নিৰ্মাণ কৰা হৈছে যদিও আজি দুটা বছৰে আধা কামও শেষ কৰিব নোৱাৰিলে ঠিকাদাৰে । ফলত এখন বাঁহৰ দলঙেৰে অতি বিপদজনক ভাৱে ৰাইজে যাতায়ত কৰিব লগা হৈছে । ইফালে পথটোত হোৱা এই বিসংগতিৰ কথা ৰাইজে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈক অৱগত কৰিছিল যদিও বিধায়কে কোনো গুৰুত্ব দিয়া নাই বুলি ৰাইজে জানিবলৈ দিছে । উপায়হীন হৈ পৰা ৰাইজে পথটোত হোৱা অনিয়ম দূৰ কৰিবলৈ জিলা উপায়ুক্তৰ লগতে বিভাগীয় মন্ত্ৰীক আহ্বান জনাইছে ৷

Intro:পৰিবৰ্তনৰ কথা কোৱা চৰকাৰৰ নেতা মন্ত্ৰী বিধায়কে সততে কৈ থকা দ্ৰুত উন্নয়ন কিন্ত মৰাণ বিধাণ সভা সমষ্টিত বৃহৎ শূন্য। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুৰ্নীতিৰ বিৰূদ্ধে শূন্য সহনশীল স্থিতি লোৱা হ'ব বুলি ঢাক ঢোল কোবাইছিল যদিও বহু ক্ষেত্ৰত এই প্ৰতিশ্ৰুতি যেন বুমেৰাং হোৱাহে পৰিলক্ষিত হৈছে । শেহতীয়াকৈ মৰাণ বিধান সভা সমষ্টিৰ হালধীবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত দিখাৰি কিনাৰ এটা পথ মেৰামতিত হোৱা অনিয়মেই ইয়াৰ এক উদাহৰণ । স্থানীয় ৰাইজে সাংবাদিকৰ আগত কৰা অভিযোগ অনুসৰি শিলপুতাৰ পৰা দিখাৰী কিনাৰ সৰগফলা (শেনচোৱা নাহৰণি আলিৰ পৰা দিখাৰী কিনাৰ সৰগফলা) 'ন-আলি' নামৰ আলিটো মেৰামতিৰ বাবে প্ৰধান মন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ অধীনত প্ৰায় দুই কোটি টকাৰ পুঁ‌জি আৱন্তন দিয়া হৈছিল যদিও পথটো সম্পূৰ্ণ কৰিব পৰা নাই ঠিকাদাৰে । গড়কাপ্তানি বিভাগ, গ্ৰাম্য পথ সংমণ্ডল, ডিব্ৰুগড়ৰ তত্ত্বাৱধানত পথটোৰ মেৰামতিৰ দায়িত্ব লৈছিল ববীষ্মৃতা চেতিয়া গগৈ নামৰ ঠিকাদাৰ গৰাকীয়ে । স্থানীয় ৰাইজে অভিযোগ কৰা মতে ২০১৮ চনতেই মেৰামতিৰ কাম সম্পূৰ্ণ কৰিব লগীয়া পথটো যেনেদৰে মেৰামতি কৰিব লাগিছিল তেনেদৰে কৰা নাই ঠিকাদাৰে । পথটোত স্থাপন কৰা কালভাৰ্ট সমূহ নতুন আৰু উন্নত মানদণ্ডৰ হ'ব লাগে যদিও ঠিকাদাৰে নতুন কালভাৰ্ট নলগাই পুৰণা কালভাৰ্ট স্থাপন কৰি কামৰ দায়িত্ব শেষ কৰিবলৈ চেষ্টা কৰিছে । ইয়াৰ উপৰিও পুৰণা পথটো ঠায়ে ঠায়ে চাপৰ হৈ থকাত বাৰিষা পথৰ ওপৰেৰে পানী বাগৰিবলৈ ধৰে । পথটোত মাটি পেলাই ওখ কৰি লোৱাৰ ক্ষেত্ৰতো ঠিকাদাৰে গুৰুত্ব দিয়া নাই । যাৰ বাবে পথটোৰ ঠায়ে ঠায়ে ফাঁ‌ট মেলিবলৈও আৰম্ভ কৰিছে । পথটোৰ‌ এখন পকী দলং নিৰ্মাণ কৰা হৈছে যদিও আজি দুটা বছৰে আধা কামও শেষ কৰিব নোৱাৰিলে ঠিকাদাৰে । ফলত এখন বাঁহৰ দলঙেৰে অতি বিপদজনক ভাৱে ৰাইজে যাতায়ত কৰিব লগা হৈছে । ইফালে পথটোত হোৱা এই বিসংগতিৰ কথা ৰাইজে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈক অৱগত কৰিছিল যদিও বিধায়কে কোনো গুৰুত্ব দিয়া নাই বুলি ৰাইজে জানিবলৈ দিছে । সেয়ে উপায়হীন হৈ পৰা ৰাইজে পথটোত হোৱা অনিয়ম দূৰ কৰিবলৈ জিলা উপায়ুক্তৰ লগতে বিভাগীয় মন্ত্ৰীক আহ্বান জনাইছে ।Body:ঐConclusion:ঐ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.