ETV Bharat / state

PMAY scam : গৃহ নিৰ্মাণৰ নামত আৱণ্টিত ধন আত্মসাৎ বিজেপি কৰ্মীৰ - ঠিকাদাৰৰূপী বিজেপি কৰ্মীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ আছুৰ

দালালৰাজ, দুৰ্নীতি আদি বন্ধৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে অধিক তৎপৰতা গ্ৰহণ কৰিছে । কিন্তু তেওঁৰ দলৰে একাংশ নেতা-কৰ্মী জড়িত হৈ পৰিছে ব্যাপক দুৰ্নীতিত । এইবাৰ ডিব্ৰুগড়ৰ মাহমৰা সমষ্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত ধন আত্মসাৎ কৰিলে বিজেপি কৰ্মীয়ে (Corruption in PMAY at Mahmora)। ঠিকাদাৰৰূপী বিজেপি কৰ্মীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ আছুৰ ।

PMAY scam
গৃহ নিৰ্মাণৰ নামত আৱণ্টিত ধন আত্মসাৎ বিজেপি কৰ্মীৰ
author img

By

Published : Jun 29, 2022, 4:08 PM IST

মৰাণ,২৯ জুন : উৎকোচ পৰম্পৰা বন্ধৰ ক্ষেত্ৰত যথেষ্ট কঠোৰ হৈছে ৰাজ্য চৰকাৰ (Assam government zero tolerance against corruption)। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই ক্ষেত্ৰত সকলোকে সকীয়াই দিছে । আনহাতে তেওঁ নিজেও ঘোষণা কৰিছিল যে চৰকাৰী কোনো আঁচনিৰ নামত এটকাও উৎকোচ ল'ব নোৱাৰিব । চৰকাৰী আঁচনিৰ নামত অনিয়ম সংঘটিত কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে ।

কিন্তু তেনে সময়তে মন্ত্ৰী যোগেন মহনৰ গৃহ সমষ্টি মাহমৰাত প্ৰধানমন্ত্ৰী আৱাস যোজনাত ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠিছে (Corruption in PMAY at Mahmora)। মাহমৰা সমষ্টিৰ অন্তৰ্গত উদয়পুৰ গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে বিজেপি কৰ্মীৰ বিৰুদ্ধে । অভিযোগ অনুসৰি উদয়পুৰ গাঁও পঞ্চায়তৰ ৰঙাবাম গাঁৱৰ জীৱনদৈ গগৈ নামৰ বৃদ্ধাগৰাকীৰ নামত আৱণ্টিত ধন আত্মসাৎ কৰিছে স্থানীয় ঠিকদাৰে ।

গৃহ নিৰ্মাণৰ বাবে আৱণ্টিত ধন হিতাধিকাৰী বৃদ্ধাগৰাকীৰ সৰলতাৰ সুযোগ লৈ আত্মসাৎ কৰাৰ পাছতেই দিশহাৰা হৈ পৰিছে বৃদ্ধাগৰাকী । আনহাতে উদয়পুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী স্মৃতি দুৱৰাৰ পৃষ্ঠপোষকতাত বিজেপি কৰ্মীয়ে হিতাধিকাৰীৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে মাহমৰা আঞ্চলিক ছাত্ৰ সন্থাই (BJP workers embebes PMAY scheme money in Dibrugarh)।

ইফালে মাহমৰা সমষ্টিত দৰিদ্ৰ জনসাধাৰণৰ নামত আৱণ্টিত ধন বিভিন্ন সময়ত শাসকীয় দলৰ নেতা-পালিনেতাই আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈ থকা সত্ত্বেও বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে মাহমৰা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াই । এই অভিযোগৰ পাছত ঠিকাদাৰৰূপী বিজেপি কৰ্মীৰ ওপৰত মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী যোগেন মহনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক :বান সাহাৰ্য আত্মসাৎ কৰি হাতে-লোটে গ্ৰেপ্তাৰ দুই মণ্ডল

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.