ETV Bharat / state

লেজাইত আধাৰ কাৰ্ডৰ নামত পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে ধন সংগ্রহৰ অভিযােগ - আধাৰ কাৰ্ড

লেজাই গাঁও পঞ্চায়তৰ বিজেপিৰ সভানেত্ৰী ৰীমা দাসৰ বিৰুদ্ধে স্থানীয় ৰাইজে উত্থাপন কৰিছে অভিযোগ ৷ আধাৰ কার্ড দিয়াৰ নামত সভানেত্ৰী গৰাকীয়ে গ্ৰামাঞ্চলৰ শতাধিক লোকৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে ধন সংগ্রহৰ অভিযােগ

author img

By

Published : Aug 31, 2020, 8:35 AM IST

মৰাণ, 31 আগষ্ট: ৰাজ্যৰ বহু পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে বহু সময়ত উত্থাপিত হৈ আহিছে কেতবোৰ অভিযোগ ৷ ব্যতিক্ৰম নহ'ল ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত এটা পঞ্চায়ত ৷ মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ অতি ঘনিষ্ঠ লেজাই গাঁও পঞ্চায়তৰ বিজেপিৰ সভানেত্ৰী ৰীমা দাসৰ বিৰুদ্ধে স্থানীয় ৰাইজে উত্থাপন কৰিছে অভিযোগ ৷ অভিযোগ অনুসৰি, সভানেত্ৰী গৰাকীয়ে গ্ৰামাঞ্চলৰ শতাধিক লোকৰ পৰা আধাৰ কার্ড দিয়াৰ নামত মুকলিকৈ সংগ্ৰহ কৰিছে টকা ৷

লেজাইত আধাৰ কাৰ্ডৰ নামত পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে ধন সংগ্রহৰ অভিযােগ

গঞা ৰাইজক আধাৰ কাৰ্ড থাকিলেহে একোটাকৈ ঘৰ লাভ কৰিব বুলি কৈ অভিযুক্ত সভানেত্ৰী গৰাকীয়ে সংগ্ৰহ কৰিছে ধন ৷ আনহাতে আন একাংশই আকৌ নাজানে কিয় প্ৰয়োজন আধাৰ কাৰ্ডৰ ৷ একোটা পৰিয়ালৰ প্ৰতি গৰাকী সদস্যৰ বিপৰীতে ১০০ টকাকৈ সংগ্ৰহ কৰা কাৰ্যক লৈ সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজৰ লগতে, অসম অনুসূচিত যুৱ ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে ৷ কেৱল আধাৰ কাৰ্ডৰ নামতেই নহয়, সভানেত্ৰী গৰাকীয়ে প্ৰশান্ত কোঁৱৰ নামৰ এগৰাকী আৰ্থিকভাৱে দুৰ্বল স্থানীয় লোকৰ পৰা আধাৰ কাৰ্ডৰ বাবে 100 টকা আৰু তেওঁৰ উপাধিটো ভোটাৰ কাৰ্ডত ভুল হৈ থকাত সেই ভুল শুধৰাবৰ বাবেও পৃথককৈ 100 টকা সংগ্ৰহ কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে ৷ সভানেত্ৰী গৰাকীৰ এনে কাৰ্যৰ বিৰুদ্ধে ৰাইজে মুকলিকৈ বিৰোধিতা প্ৰদৰ্শন কৰিছে যদিও, এই পৰ্যন্ত প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি জনায় ৰাইজে ৷

লগতে পঢ়ক: যান্ত্ৰিকতাৰ কোলাহলত অতিষ্ট হৈছে নেকি ? আহক এইখন গাঁৱলৈ..

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.