ETV Bharat / state

ডিব্ৰুগড়ৰ চাহ বাগিছাত কৰ'ণা দ্ৰুত সংক্ৰমণ - tea garden covid pandemic

টেঙাখাট ৰাজহ চক্ৰৰ অন্তৰ্গত জালনি চাহ বাগিছাৰ চাহ শ্ৰমিকসহ ৯০ গৰাকী কৰ্মী আৰু কৰ্মচাৰীৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ ৰ অৱস্থিতি । চাহ বাগিছাখন কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰাৰ লগতে বাগিছাখন বন্ধ কৰি দিয়া হৈছে । চাহ বাগিছাখনৰ চিকিৎসালয় আৰু দুটা কৰ্মচাৰী নিবাস অস্থায়ীভাৱে আইচ'লেচন চেন্টাৰলৈ পৰিণত কৰা হৈছে ।

containment zone
ডিব্ৰুগড়ৰ চাহ বাগিছাত কৰ'ণা দ্ৰুত সংক্ৰমণ
author img

By

Published : May 5, 2021, 7:34 PM IST

ডিব্ৰুগড়, ৫মে' : ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে এইবাৰ চাহ বাগিছাসমূহতো কৰ'ণাৰ দ্ৰুত সংক্ৰমণ দেখিবলৈ পোৱা গৈছে । এইবাৰ ডিব্ৰুগড় জিলাৰ পৰা আহিছে এক উদ্বেগজনক খবৰ । জিলাখনৰ এখন চাহ বাগিছাৰ ৯০ গৰাকী লোকৰ দেহত ধৰা পৰিছে মৰাত্মক কৰ’ণা ভাইৰাছৰ অৱস্থিতি ।

containment zone
ডিব্ৰুগড়ৰ চাহ বাগিছাত কৰ'ণা দ্ৰুত সংক্ৰমণ

টেঙাখাট ৰাজহ চক্ৰৰ অন্তৰ্গত জালনি চাহ বাগিছাৰ চাহ শ্ৰমিকসহ ৯০ গৰাকী কৰ্মী আৰু কৰ্মচাৰীৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ ৰ অৱস্থিতি । ইয়াৰ পিছতে শংকিত হৈ পৰিছে সমগ্ৰ অঞ্চলটোৰ ৰাইজ । চাহ বাগিছাখন কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰাৰ লগতে বাগিছাখন বন্ধ কৰি দিয়া হৈছে । ইতিমধ্যে টেঙাখাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, চিকিৎসা পৰিৰ্দশক আৰু স্বাস্থ্য বিভাগৰ অন্যান্য বিষয়াসকলে পৰিস্থিতিৰ বুজ ল'বলৈ বাগিছা খনলৈ ৰাওনা হৈছে ।

চাহ বাগিছা খনৰ চিকিৎসালয় আৰু দুটা কৰ্মচাৰী নিবাস অস্থায়ীভাৱে আইচ'লেচন চেন্টাৰলৈ পৰিণত কৰা হৈছে । ডিব্ৰুগড় জিলাৰ নডেল বিষয়া ড' নৱজ্যোতি নেওগে জনোৱা মতে বুধবাৰৰ পৰা টীকাকৰণ প্ৰক্ৰিয়াৰ লগতে ছেনিটাইজেছন প্ৰক্ৰিয়াও আৰম্ভ হ'ব অঞ্চলটোত ।

উল্লেখ্য যে, চাহ জনজাতীয় সংগঠনসমূহে চাহ বাগিছাৰ অধীনত থকা কৰ্মীসকলৰ চাহ বাগিছাত দ্ৰুত হাৰত ক'ভিড সংক্ৰমনৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি কৰ'ণা প্ৰতিষেদকৰ দাবী জনাই আহিছিল । ইফালে উপায়ুক্ত তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে টেঙাখাট উন্নয়ন খণ্ডৰ অন্তৰ্গত সকলো বজাৰ অতি শীঘ্ৰে বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে । লগতে সংশ্লিষ্ট বিভাগৰ বিষয়া তথা খণ্ড উন্নয়ন বিষয়াক পৰিস্থিতি অনুযায়ী প্ৰায়বোৰ বজাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে ।

লগতে পঢ়ক:ক'ভিড-19 ত মৃত্যু হোৱা লোকৰ সৎকাৰৰ বাবে ঠাইৰ অভাৱ গুৱাহাটীত !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.