মৰাণ,১ অক্টোবৰ: 'ই টি ভি ভাৰত'ত বাতৰি প্ৰকাশৰ পিছত গা লৰিল গড়কাপ্তানী বিভাগৰ। অৱশেষত নিৰ্মাণকাৰ্য আৰম্ভ হ'ল মৰাণৰ খোৱাঙৰ ঐতিহাসিক বৰফুকন আলিৰ। পথটোৰ বিধ্বস্ত অৱস্থাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভুগি আহিছিল অঞ্চলবাসীয়ে। যোৱা ২৫ ছেপ্টেম্বৰত পথটো নিৰ্মাণৰ বাবে মৰাণ ৰাজহ চক্ৰ বিষয়াক ১০ দিনৰ সময়সীমা নিৰ্ধাৰণ কৰি স্মাৰক পত্ৰ দিছিল খোৱাং আঞ্চলিক ছাত্ৰ সন্থাই। এই বাতৰিৰ লগতে পথটোৰ দুৰৱস্থাৰ বিষয়ে বাতৰি প্ৰকাশ হৈছিল 'ই টি ভি ভাৰত'ত।

বুধবাৰৰ পৰা ঐতিহাসিক বৰফুকন আলি নিৰ্মাণৰ কাম আৰম্ভ হৈছে। ৰাজ্য চৰকাৰৰ 'SIGNATURE' আঁচনিৰ অধীনত ১০কোটি টকা ব্যয় সাপেক্ষে প্ৰায় ৭ কিঃ মিঃ দৈৰ্ঘ্যৰ পথচোৱা দুই লেনযুক্ত কৰি নিৰ্মাণ কৰাৰ যো-জা চলাইছে বিভাগীয় কৰ্তৃপক্ষই। উল্লেখ্যে যে, দীৰ্ঘদি ধৰি মেৰামতি নোহোৱাত ঐতিহাসিক পথটোৰ বিভিন্ন অংশত দ' গাঁতৰ সৃষ্টি হৈছে। ফলত যাতায়তৰ ক্ষেত্ৰত পথচাৰীয়ে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। গড়কাপ্তানী বিভাগৰ অধীনৰ এই পথটোৱেদি দৈনিক শতাধিক লোক অহা-যোৱা কৰাৰ উপৰিও বহু যান-বাহন চলাচল কৰে।

পথটো নিৰ্মাণৰ কাম আৰম্ভ কৰাত সংশ্লিষ্ট বিভাগৰ লগতে মৰাণ সমষ্টিৰ বিধায়কজনৰ শলাগ লৈছে স্থানীয় ৰাইজে। আনহাতে, খোৱাং আঞ্চলিক ছাত্ৰ সন্থাই পথটো নিৰ্মাণৰ ক্ষেত্ৰত যাতে অনিয়ম সংঘটিত নহয়,তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছে ।
