ETV Bharat / state

ডিব্ৰুগড়ত সংবিধান দিৱস পালন

author img

By

Published : Nov 26, 2020, 7:08 PM IST

আজি সংবিধান দিৱস । ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতৰ সংবিধানখন "Constituent Assembly of India" ই আনুষ্ঠানিকভাৱে গ্ৰহণ কৰাৰ সোঁৱৰণত এই দিৱসটো পালন কৰা হয় ।

constitution-day-celebrate-at-dibrugarh
ডিব্ৰুগড়ত সংবিধান দিৱস পালন

মৰাণ, 26 নৱেম্বৰ : আজি সংবিধান দিৱস । ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতৰ সংবিধানখন "Constituent Assembly of India" ই আনুষ্ঠানিকভাৱে গ্ৰহণ কৰাৰ সোঁৱৰণত এই দিৱসৰ পালন কৰা হয় ।

২০১৫ চনৰ আজিৰ তাৰিখতে এই দিনটোক সংবিধান দিৱস বা 'constitution day' হিচাপে পালন কৰাৰ সংকল্পৰ কথা ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো জিলা প্ৰশাসনে সংবিধান দিৱস অনুষ্টুপীয়াকৈ পালন কৰে । ডিব্ৰুগড় জিলাৰ উপায়ুক্ত কাৰ্যালয়ত উপায়ুক্ত কাৰ্যালয়ৰ সমূহ বিষয়া-কৰ্মচাৰীৰ অংশগ্ৰহণৰে সংবিধান দিৱস উদযাপন কৰা হয় ৷

সংবিধান দিৱসৰ শপত বাক্য পাঠ কৰোৱায় ডিব্ৰুগড় জিলাৰ জিলা উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগীয়ে ৷ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত সুশান্ত কুমাৰ দত্ত আৰু নন্দিতা বৰুৱা, ডিব্ৰুগড় সদৰ মহকুমাধিপতি মছন্দা পৰতীন, নিৰ্বাচনী বিষয়া ঋষিকেশ বৰুৱা আৰু অন্যান্যসকল উপস্থিত থাকে ৷

লগতে পঢ়ক: শ্ৰমিক কৃষক সংগঠনৰ দেশজোৰা ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.