ETV Bharat / state

এছ আই কেলেংকাৰীৰ ন্যায়িক তদন্তৰ দাবীৰে কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট - বিজেপি যুৱ মৰ্চা

টিংখাঙৰ ৰাজগড়ত কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট ৷ আৰক্ষী উপপৰিদৰ্শক পদৰ পৰীক্ষা কেলেংকাৰীৰ ন্যায়িক তদন্তৰ দাবীৰে টিংখাঙ ব্লক কংগ্ৰেছ কমিটিয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷ টিংখাঙৰ বিধায়ক বিমল বৰাকো তদন্তৰ আওতালৈ অনাৰ দাবী ৷

এছ আই কেলেংকাৰীৰ ন্যায়িক তদন্তৰ দাবীৰে কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট

author img

By

Published : Oct 30, 2020, 5:36 PM IST

টিংখাঙ, 30 অক্টোবৰ: এছ আই কেলেংকাৰীৰ ন্যায়িক তদন্তৰ দাবীৰে টিংখাঙৰ ৰাজগড়ত কংগ্ৰেছৰ প্ৰতিবাদ ৷ আৰক্ষী উপপৰিদৰ্শক পদৰ পৰীক্ষা কেলেংকাৰীৰ ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰাৰ লগতে উক্ত কেলেংকাৰীত নাম সাঙুৰ খাই পৰা টিংখাঙৰ বিধায়ক বিমল বৰাক তদন্তৰ আওতালৈ অনাৰ দাবীৰে টিংখাঙ ব্লক কংগ্ৰেছ কমিটিয়ে এই অৱস্থান ধৰ্মঘট পালন কৰে ৷ শেহতীয়াকৈ গণতান্ত্ৰিক পন্থাৰে শান্তিপূৰ্ণ অনশন কৰা প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰা বিজেপি সৰ্মথক সকলক নিন্দা কৰি কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে দোষীক গ্ৰেপ্তাৰ কৰাৰো দাবী উত্থাপন কৰে ৷

গণতান্ত্ৰিক প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰা বিজেপি সৰ্মথকক নিন্দা

প্ৰতিবাদস্থলীত উপস্থিত থাকি প্ৰাক্তন মন্ত্ৰী এটোৱা মুণ্ডাই গণতান্ত্ৰিক পদ্ধতিৰে কৰা শান্তিপূৰ্ণ প্ৰতিবাদত বিজেপি যুৱ মৰ্চাৰ একাংশ সদস্যৰ তথা বিজেপি দলৰ শতাধিক সমৰ্থকে অনশন স্থলী ভাঙি লণ্ড ভণ্ড কৰা কাৰ্যক সমালোচনা কৰে ৷ মুণ্ডাই অভিযোগ কৰে যে বিজেপি চৰকাৰে এছ আই কেলেংকাৰী উচিত তদন্ত কৰিব বিচৰা নাই আৰু সেয়ে বিভিন্ন দল সংগঠনে বাৰে বাৰে টিংখাঙৰ বিধায়ক বিমল বৰাক তদন্তৰ আওতালৈ অনাৰ দাবী উত্থাপন কৰি অহাৰ পাছতো কোনো কাৰ্যপন্থা হাতত লোৱা পৰিলক্ষিত হোৱা নাই ৷

অভিযোগ অনুসৰি বুধবাৰে বিজেপি যুৱ মৰ্চাৰ একাংশ সদস্যৰ তথা শতাধিক বিজেপি সৰ্মথকে চিপিআইএমৰ অনশন স্থলীত উপস্থিত হৈ অনশন কাৰ্যসূচী উঠাই লবলৈ দাবী কৰাৰ লগতে অনশন স্থলী ভাঙি লণ্ড ভণ্ড কৰিছিল
লগতে পঢ়ক: বিধস্ত পথে জীয়াতু ভোগাইছে টিংখাঙৰ এটা বৃহত্তৰ অঞ্চলৰ ৰাইজক

For All Latest Updates

TAGGED:

tingkhong
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.