মৰাণ,13 মাৰ্চ: ৰাজ্যত ক্ৰমাৎ কংগ্ৰেছৰ ভেঁটি খহনীয়াৰ কবলত পৰিছে ৷ কংগ্ৰেছ এৰি দলীয় কৰ্মীসকলে ঢাপলি মেলিছে বিজেপি বা অন্য দল সংগঠনলৈ ৷ শনিবাৰে চৰাইদেউৰ বহু কংগ্ৰেছীয়ে দল ত্যাগ কৰি ঢাপলি মেলে ভাৰতীয় জনতা পাৰ্টীলৈ ৷
সমাগত নিৰ্বাচনক লৈ ৰাজ্যত বৃদ্ধি পাইছে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী কুচকাৱাজ । ২০২১ ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দলসমূহত দেখা গৈছে নিৰ্বাচনী প্ৰচাৰৰ তৎপৰতা । চৰাইদেউৰ বৰুৱা নগৰত মিলনজ্যোতি গাঁও পঞ্চায়তৰ বহু কংগ্ৰেছ কৰ্মীয়ে শনিবাৰে বিজেপিৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলটোত যোগদান কৰে ।
আগন্তুক নিৰ্বাচনৰ সোণাৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ বাসগৃহত উপস্থিত হৈ বহু কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰে । দলীয় সদস্য ভৰ্তি অনুষ্ঠানটোত বৰহাট যুৱ মৰ্চাৰ সভাপতি নৱজ্যোতি খনিকৰ, খৰিয়াভেটা বুথৰ সভাপতি তৰুণ গগৈ, বুথৰ সদস্য বিমল হাতীমূৰীয়া উপস্থিত থাকে ।