ETV Bharat / state

ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিত কংগ্ৰেছৰ নিৰ্বাচনী তৎপৰতা

ৰাজ্যৰ সকলো প্ৰান্তৰ সমান্তৰালকৈ ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিত কংগ্ৰেছৰ নিৰ্বাচনী তৎপৰতা গ্ৰহণ কৰা দেখা গৈছে ৷ বিজেপিৰ সমান্তৰালকৈ এগৰাকী কংগ্ৰেছৰ যুৱনেতা মনোজ ধানোৱাৰেও তীব্ৰতৰ ভাবে প্ৰচাৰ চলাইছে সমষ্টিটোত ।

congress-leader-manoj-dhanowar-told-about-bjps-work
ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিত কংগ্ৰেছ নিৰ্বাচনীক তৎপৰতা
author img

By

Published : Dec 27, 2020, 6:54 AM IST

মৰাণ, 26 ডিচেম্বৰ : ৰাজ্যৰ ২০২১ ৰ বিধানসভা নিৰ্বাচনক লৈ আঞ্চলিকতাবাদৰ পৰা ৰাষ্ট্ৰীয়তাবাদী সকলো ৰাজনৈতিক দলৰ মাজত এতিয়া তৎপৰতা বৃদ্ধি পাইছে । ৰাজ্যৰ সকলো প্ৰান্তৰ সমান্তৰালকৈ ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিত কংগ্ৰেছৰ নিৰ্বাচনী তৎপৰতা গ্ৰহণ কৰা দেখা গৈছে ৷

বিজেপিৰ সমান্তৰালকৈ এগৰাকী কংগ্ৰেছৰ যুৱনেতা মনোজ ধানোৱাৰেও তীব্ৰতৰ ভাবে প্ৰচাৰ চলাইছে সমষ্টিটোত । সমষ্টিটোৰ শৈক্ষিক, সাংস্কৃতিক আদি বিভিন্ন ধৰণৰ সামাজিক কামত ব্যস্ত হৈ এক প্ৰকাৰৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হোৱা দেখা গৈছে নেতা গৰাকীক ।

কংগ্ৰেছৰ এগৰাকী দক্ষ নেত্ৰী অজন্তা নেওগৰ বিজেপি গমন সম্পৰ্কত কৰা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত নেতা জনে কয়, কংগ্ৰেছ দল সমুদ্ৰৰ দৰে । দুই এজন অহা যোৱা কৰিলেও সমুদ্ৰৰ আকাৰ কেতিয়াও সৰু নহয় ৷

তদুপৰি অজন্তা নেওগে কংগ্ৰেছ এৰি যোৱাটো আমি কেতিয়াও বিচৰা নাছিলো তেওঁ বিজেপিত যোগ দিলেও কংগ্ৰেছৰ কোনো ক্ষতি কৰিব নোৱাৰে বুলি মন্তব্য প্ৰকাশ কৰে নেতাজনে ৷

লগতে পঢ়ক:ধঁপাত সেৱনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষত মিজোৰাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.