ETV Bharat / state

সোণোৱাল স্বায়ত্ত শাসিত পৰিষদত কংগ্ৰেছৰ খহনীয়া - যোৰহাট জিলা পৰিষদৰ অধ্যক্ষা

ডিব্ৰুগড় শুভ বৰুৱা সোঁৱৰণী সভা কক্ষত আনুষ্ঠানিকভাৱে সোণোৱাল স্বায়ত্ত শাসিত পৰিষদৰ ১৮ নং বৰহোলা সমষ্টিৰ কংগ্ৰেছৰ সদস্যা বিমলা সোণোৱালে যোগদান কৰে ।

সোণোৱাল স্বায়ত্ত শাসিত পৰিষদত কংগ্ৰেছৰ খহনীয়া

author img

By

Published : Jan 22, 2021, 11:06 PM IST

ডিব্ৰুগড়, ২২ জানুৱাৰী: আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে মোক্ষম আঘাত কংগ্ৰেছত । শুকুৰবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সক্ৰিয় সদস্যা তথা যোৰহাট জিলা পৰিষদৰ অধ্যক্ষা বিমলা সোণোৱালে বিজেপিত যোগদান কৰে । ডিব্ৰুগড় শুভ বৰুৱা সোঁৱৰণী সভা কক্ষত আনুষ্ঠানিকভাৱে সোণোৱাল স্বায়ত্ত শাসিত পৰিষদৰ ১৮ নং বৰহোলা সমষ্টিৰ কংগ্ৰেছৰ সদস্যা বিমলা সোণোৱালে যোগদান কৰে ।

সোণোৱাল স্বায়ত্ত শাসিত পৰিষদত কংগ্ৰেছৰ খহনীয়া

দলত যোগদান কৰিয়েই বিমলা সোণোৱালে দীপুৰঞ্জন মাক্ৰাৰী বিজেপি নেতৃত্বাধীন সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদখনে ৰাইজৰ প্ৰতি কৰা কামৰ বাবে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ উদ্দেশ্য, লক্ষ্য, আৰু আদৰ্শৰ প্ৰতি সন্তুষ্টি প্ৰকাশ কৰে । ইয়াৰোপৰি একেটা অনুষ্ঠানতে আন দুগৰাকীয়ে বিজেপি দলৰ গেৰুৱা বস্ত্ৰ পৰিধান কৰি আগন্তুক দিনত ৰাইজৰ হৈ কাম কৰি যাব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক:নিৰ্বাচনৰ দিন ওচৰ চপাৰ লগে লগে নামৰূপ সাৰ কাৰখানালৈ মনত পৰিল চৰকাৰৰ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.