ডিব্ৰুগড়, 7 মাৰ্চ : ডিব্ৰুগড় জিলাৰ গুৰুত্বপূৰ্ণ লাহোৱাল বিধান সভা সমষ্টিৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে যুৱনেতা মনোজ ধানোৱাৰ নাম ঘোষণা কৰা লগে লগে সমষ্টিবাসীৰ মাজত বৈছে আনন্দৰ বন্যা । এসময়ৰ কংগ্ৰেছৰ দূৰ্গ হিচাপে খ্যাত লাহোৱাল সমষ্টিটো স্বাধীনতা পাচৰে পৰা দুবাৰ AGPৰ দখললৈ যোৱাৰ পৰিৱৰ্তে দীৰ্ঘ সময় ধৰি কংগ্ৰেছৰ দখলত আছিল ৷
ইফালে, বিৰ্গত নিৰ্বাচনত সমষ্টিটোত বিজেপিৰ ঋতুপৰ্ণ বৰুৱাই জয়লাভ কৰিছিল যদিও এইবাৰ ঋতুপৰ্ণ বৰুৱা বিপৰীতে চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকা প্ৰাৰ্থীত্ব দিছে বিজেপিয়ে ৷ ইয়াৰ সমষ্টিটোৰ বিজেপিৰ কৰ্মীসকলৰ মাজত এক সংঘাট সৃষ্টি পৰিলক্ষিত হৈছে ৷
সমান্তৰালভাৱে কংগ্ৰেছৰ পৰা যুৱ নেতা মনোজ ধানোৱাৰক লাহোৱাল সমষ্টিত প্ৰাৰ্থীত্ব দিয়া কংগ্ৰেছৰ কৰ্মীসকলৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে ৷ এইফালৰ এটা কথা স্পষ্ট হয় সমষ্টিটো নিৰ্বাটনৰ যুঁজখন অধিক আকৰ্ষণীয় হ'ব ৷ অৰ্থাৎ সমষ্টিটোত বিজেপিৰ মত বিৰোধৰ সুযোগ গ্ৰহণ কৰিব পাৰে মনোজ ধানোৱাৰে ৷
লগতে পঢ়ক: উন্নয়নৰ মুখ নেদেখিলে টিফুক চাহ বাগিচাবাসীয়ে