ETV Bharat / state

নাহৰকটীয়াত ডেৰ শতাধিক বিজেপি-কংগ্ৰেছ কৰ্মীৰ অগপত যোগদান - অগপ দলৰ প্ৰাৰ্থী নৰেণ সোণোৱাল

নিৰ্বাচনৰ পূৰ্বে অসম গণ পৰিষদৰ ভেটি শক্তিশালী কৰি নাহৰকটীয়া সমষ্টিত ডেৰ শতাধিক বিজেপি-কংগ্ৰেছ কৰ্মীয়ে অসম গণ পৰিষদত যোগদান । নাহৰকটীয়াৰ বৰ্তমানৰ বিধায়ক তথা আগন্তুক নিৰ্বাচনৰ অগপ দলৰ প্ৰাৰ্থী নৰেণ সোণোৱালৰ উদ্যোগত আৰু দলটোৰ নাহৰকটীয়া সমষ্টিৰ সভাপতি প্ৰদীপ দুৱাৰাৰ উপস্থিতিত তিপাম পঞ্চায়ত, তৰাজান, লেবাংকুলা আদি ঠাইৰ ১৬০ জনৰো অধিক বিজেপি আৰু কংগ্ৰেছ দলৰ কৰ্মীৰ আনুষ্ঠানিকভাৱে যোগদান ।

নাহৰকটীয়াত ডেৰ শতাধিক বিজেপি-কংগ্ৰেছ কৰ্মীৰ অগপত যোগদান

author img

By

Published : Mar 18, 2021, 10:51 AM IST

নাহৰকটীয়া, ১৮ মাৰ্চ: আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি-কংগ্ৰেছত খহনীয়াৰ ইংগিত । বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণলৈ মাজত মাথো কেইটামান দিনহে বাকী । তেনে সময়তে নাহৰকটীয়া সমষ্টিত ডেৰ শতাধিক বিজেপি-কংগ্ৰেছ কৰ্মীয়ে অসম গণ পৰিষদ (অগপ)ত যোগদান কৰে । বুধবাৰে নাহৰকটীয়াৰ বৰ্তমানৰ বিধায়ক তথা আগন্তুক নিৰ্বাচনৰ অগপ দলৰ প্ৰাৰ্থী নৰেণ সোণোৱালৰ উদ্যোগত আৰু দলটোৰ নাহৰকটীয়া সমষ্টিৰ সভাপতি প্ৰদীপ দুৱাৰাৰ উপস্থিতিত তিপাম পঞ্চায়ত, তৰাজান, লেবাংকুলা আদি ঠাইৰ ১৬০ জনৰো অধিক বিজেপি আৰু কংগ্ৰেছ দলৰ কৰ্মীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰে অসম গণ পৰিষদ দলত । এই যোগদান কাৰ্যসূচীয়ে যথেষ্ট উৎসাহিত কৰা দেখা গ'ল অগপ দলৰ প্ৰাৰ্থী নৰেণ সোণোৱালক ।

নাহৰকটীয়াত ডেৰ শতাধিক বিজেপি-কংগ্ৰেছ কৰ্মীৰ অগপত যোগদান
নাহৰকটীয়াত ডেৰ শতাধিক বিজেপি-কংগ্ৰেছ কৰ্মীৰ অগপত যোগদান

ক্ৰমে অধিক আকৰ্ষণীয় হৈ পৰিছে ১২০ নং নাহৰকটীয়া বিধানসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ ৷ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণলৈ মাজত মাথো কেইটামান দিনহে বাকী থকাৰ সময়তে ক্ৰমাৎ তৎপৰতা বাঢ়িছে প্ৰতিটো দলৰে প্ৰাৰ্থীসকলৰ মাজত ৷ তাৰ সমান্তৰালকৈ সমগ্ৰ অসমতে এইবাৰ অধিক তুংগত উঠিছে দলীয় কৰ্মীৰ দল বাগৰা নীতি ৷ এইক্ষেত্ৰত পিছ পৰি থকা নাই নাহৰকটীয়া বিধানসভা সমষ্টিও । অগপৰ ভেটি কঁপাই কেইবাগৰাকীও কাৰ্যকৰ্তাই বিভিন্ন দলত যোগদান কৰাৰ সমান্তৰালকৈ বুধবাৰৰ দিনটোত ডেৰ শতাধিক বিজেপি-কংগ্ৰেছ কৰ্মীয়ে অসম গণ পৰিষদত যোগদান কৰে নাহৰকটীয়াত ।

লগতে পঢ়ক: বিপিএফ দলৰ মহিলা কোষৰ সম্পাদিকাৰ অজাপত যোগদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.