ETV Bharat / state

বিবেক ভোট দিয়ক সোণোৱাল জনগোষ্ঠীয় লোকসকলেঃ:সদৌ সোণোৱাল কছাৰী যুৱ মঞ্চ

বিবেক ভোট দিবলৈ সোণোৱাল জনগোষ্ঠীক আহ্বান সদৌ সোণোৱাল কছাৰী যুৱ মঞ্চৰ ৷ বিবেকহীন ভাৱে ভোট প্ৰদান কৰাৰ বাবেই সোণোৱাল জনগোষ্ঠী আজিৰ দিনত অৱহেলিত হৈ থাকিব লগা হৈছে বুলি অভিযোগ কৰি যুৱ মঞ্চৰ নেতৃত্বই কয়, কোনোখন চৰকাৰে সোণোৱাল সকলক আগুৱাই নিবলৈ চেষ্টা নকৰিলে আৰু জনগোষ্ঠীটোৰ উন্নতিৰ বাবে কোনো ধৰণৰ আৰ্থিক অনুদান দিব নিবিচাৰে বুলিও সদৌ অসম সোণোৱাল কছাৰী যুৱ মঞ্চৰ অধিৱেশনস্থলীৰ পৰাই অভিযোগ কৰে সদৌ অসম সোণোৱাল কছাৰী যুৱ মঞ্চই ৷

conference-of-all-assam-sonowal-kachari-yuva-mancha
বিবেক ভোট দিয়ক সোণোৱাল জনগোষ্ঠীয় লোকসকলেঃসদৌ সোণোৱাল কছাৰী যুৱ মঞ্চ
author img

By

Published : Mar 22, 2021, 2:05 PM IST

মৰাণ,22 মাৰ্চ: বিবেক ভোট দিবলৈ সোণোৱাল জনগোষ্ঠীক আহ্বান সদৌ সোণোৱাল কছাৰী যুৱ মঞ্চৰ ৷ বিবেকহীন ভাৱে ভোট প্ৰদান কৰাৰ বাবেই সোণোৱাল জনগোষ্ঠী আজিৰ দিনত অৱহেলিত হৈ থাকিব লগা হৈছে বুলি অভিযোগ সোণোৱাল কছাৰী যুৱ মঞ্চৰ ৷ সংগঠনটোৰ নেতৃত্বৰ অভিযোগ, কোনো এখন চৰকাৰে সোণোৱাল সকলক আগুৱাই নিবলৈ চেষ্টা নকৰিলে আৰু জনগোষ্ঠীটোৰ উন্নতিৰ বাবে কোনো ধৰণৰ আৰ্থিক অনুদান দিব নিবিচাৰিলে ৷

বিবেক ভোট দিয়ক সোণোৱাল জনগোষ্ঠীয় লোকসকলেঃসদৌ সোণোৱাল কছাৰী যুৱ মঞ্চ

উল্লেখ্য যে, ঐতিহাসিক আদিম ভূমিপুত্ৰ সোণোৱাল কছাৰী জনজাতিৰ অন্যতম সংগঠন "সদৌ সোণোৱাল কছাৰী যুৱ মঞ্চ"ৰ প্ৰথম ত্ৰি-বাৰ্ষিক অধিৱেশনখনি শনিবাৰ আৰু দেওবাৰে ডিব্ৰুগড় টিংৰাই কঠালগুৰিৰ যোগেন্দ্ৰ নাথ হাজৰিকা সমন্বয় ক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ৷ এই অধিৱেশনখনিৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

আনহাতে, দ্বিতীয় দিনা কাৰ্যসূচী মৰ্মে সদৌ সোণোৱাল কছাৰী যুৱ মঞ্চৰ মুখপত্ৰ "যুৱ কন্ঠ" উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপ-পঞ্জীয়ক শ্ৰীযুত বিনোদ চন্দ্ৰ বৰাই ৷ ইয়াৰ লগতে বিভিন্ন জাতি -জনগোষ্ঠীৰ সংগঠনৰ নেতৃবৃন্দৰ উপস্থিতিত এখনি মুকলি সভাৰো আয়োজন কৰা হয় ৷

লগতে পঢ়কঃকৰিমগঞ্জত নিৰ্বাচনী হিংসা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.