ETV Bharat / state

30/10 ৰ বিস্ফোৰণত নিহতলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ শ্ৰদ্ধাঞ্জলি

author img

By

Published : Oct 30, 2020, 10:08 PM IST

আজি 30 অক্টোবৰ ৷ 2008 চনৰ এই দিনটোতে উগ্ৰপন্থীৰ বোমা বিস্ফোৰণত গুৱাহাটী, বৰপেটাৰোড, বঙাইগাঁও আৰু কোকৰাঝাৰৰ 11 ঠাইত প্ৰাণ হেৰুৱাইছিল 81 গৰাকী লোকে আৰু আহত হৈছিল 470 গৰাকী ৷ 30/10 ৰ নিহত সকললৈ ডিব্ৰুগড়তো জনোৱা হয় শ্ৰদ্ধাঞ্জলি ৷

Condolence by DU AASU unit to those who died in guwahati blast
গুৱাহাটীৰ বিস্ফোৰণত নিহতলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ শ্ৰদ্ধাঞ্জলি

মৰাণ, 30 অক্টোবৰ : অসমৰ ইতিহাসত এটা কলা দিন হিচাপে চিহ্নিত হৈ ৰ'ল 30 অক্টোবৰ ৷ 2008 চনৰ এই দিনটোতে গুৱাহাটী, কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটাৰোডত এন ডি এফ বিৰ ৰঞ্জন দৈমাৰীৰ গোটে সংঘটিত কৰিছিল ধাৰাবাহিক ভয়ংকৰ বোমা বিস্ফোৰণ ৷ এই ধাৰাবাহিক বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল 81 গৰাকী নিৰীহ লোকে ৷ বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা নিৰীহ সকললৈ শ্ৰদ্ধাঞ্জলি জলাই শুকুৰবাৰে অসমৰ বিভিন্ন প্ৰান্তত বন্তি প্ৰজ্বলন কৰে বিভিন্ন দল সংগঠনৰ লগতে সচেতন ৰাইজে ৷ 30 অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণত নিহত সকললৈ ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে মৰাণতো বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই ৷

Condolence by DU AASU unit to those who died in guwahati blast
বন্তি প্ৰজ্বলনেৰে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ শ্ৰদ্ধাঞ্জলি

সমান্তৰালকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ তৰফৰ পৰাও বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । নিহত সকললৈ শ্ৰদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্বলন কৰাৰ লগতে, এক মিনিট মৌন প্ৰাৰ্থনা কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ সদস্য সকলে ৷ অনুষ্ঠানটোত উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড৹ চন্দন শৰ্মা । বন্তি প্ৰজ্বলন কৰি তেওঁ বিস্ফোৰণত প্ৰাণ হেৰুওৱা সকললৈ শ্ৰদ্ধা নিবেদন কৰি সকলোকে সন্ত্ৰাসবাদৰ দৰে হিংসাত্মক পন্থা পৰিহাৰ কৰিবলৈ আহ্বান জনায় ৷

আনহাতে মৰাণ আছুৰ বন্তি প্ৰজ্বলন কাৰ্যসূচীত ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ উপৰিও উপস্থিত থাকে বহু কেইজন বিশিষ্ট ব্যক্তি ৷ সকলোৱে বন্তি প্ৰজ্বলন কৰি হত্যা ,হিংসা পৰিত্যাগ কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়কঃ দিল্লীৰ হিংসাত্মক ঘটনাৰ অভিযুক্তক অন্তৱৰ্তীকালীন জামিন প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.