ETV Bharat / state

আজিৰ দিনত সততাৰ লগত মেধাৰ কোনো সম্পৰ্ক নাই : ঋষিকেশ গোস্বামী

author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 9:34 PM IST

Silver Jubilee of Moran Jatiya Vidyalaya : দুদিনীয়া কাৰ্যসূচীৰে মৰাণ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান সম্পন্ন ৷ ২৫ ডিচেম্বৰত পুৱা বিদ্যালয়ৰ পতাকা উত্তোলন কৰে বিদ্যালয়খনৰ অধ্যক্ষা দিব্যজ্যোতি গগৈয়ে ।

Silver Jubilee of Moran Jatiya Vidyalaya
মৰাণ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান

ডিব্ৰুগড়, ২৬ ডিচেম্বৰ : ডিব্ৰুগড় জিলাৰ বৃহত্তৰ মৰাণ অঞ্চলৰ আগশাৰী শিক্ষানুষ্ঠান মৰাণ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান যোৱা ২৫ ডিচেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে সফল সমাপ্তি ঘটে । কাৰ্যসূচী অনুসৰি, ২৫ ডিচেম্বৰত পুৱা বিদ্যালয়ৰ পতাকা উত্তোলন কৰে বিদ্যালয়খনৰ অধ্যক্ষা দিব্যজ্যোতি গগৈয়ে ।

ইয়াৰ পিচতে ৰূপালী জয়ন্তীৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি নৃপেন বৰুৱাই লগতে মৰাণ অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা ৰূপালী জয়ন্তীৰ ২৫ খন পতাকা উত্তোলন কৰা হয় আৰু স্মৃতি তৰ্পণ কৰে পৰিচালনা সমিতিৰ সভাপতি যদুনাথ পুৰীয়ে ।

শ্বহীদ তৰ্পণ কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি অনুপজ্যোতি ভূঞাই ৷ আনহাতে, আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত পুৱা এক সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে প্ৰাক্তন অধ্যক্ষ ড৹ যতীন চুতীয়াই আৰু ইয়াৰ পিচতে মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম জাতীয় বিদ্যালয়ৰ শিক্ষা সংসদৰ কাৰ্যকৰী সভাপতি দিলীপ কুমাৰ দত্ত, অসম শিশু সাহিত্য ন্যাসৰ সচিব ঋষিকেশ গোস্বামী, চৰাইদেউ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিন্তী শৰ্মা, ডিব্ৰুগড় জিলাৰ বিদ্যালয় পৰিদৰ্শক ড৹ সমীৰণ বৰাকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি ।

এই অনুষ্ঠানত উপস্থিত থাকি অসম শিশু সাহিত্য ন্যাসৰ সচিব ঋষিকেশ গোস্বামীয়ে হৃদয়স্পৰ্শী ভাষণেৰে সকলোকে উদ্বুদ্ধ কৰে । গোস্বামীয়ে ভাষণ প্ৰসংগত কয়, ভাল শিক্ষা থকা মন্ত্ৰী বা আই এ এচ বিষয়া এগৰাকীও মহা দগাবাজ হ’ব পাৰে । ষ্টেণ্ড কৰা ছাত্ৰ এজনো দুৰ্নীতিপৰায়ন হ’ব পাৰে । সেয়ে আজিৰ দিনত সততাৰ সৈতে মেধাৰ কোনো সম্পৰ্ক নাই ।

লগতে পঢ়ক : অৰণ্যৰ পৰা নৰ্থ ব্লকলৈ: 12 বছৰীয়া প্ৰচেষ্টাৰে 44 বছৰীয়া পৰিক্ৰমাৰ অৰ্ধসমাপ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.