ETV Bharat / state

অশ্লীল প্ৰস্তাৱ দিয়া চিকিৎসকৰ বিৰুদ্ধে গোচৰ ৰুজু - মহিলাক নৈশ যাপনৰ প্ৰস্তাৱ

ডিব্ৰুগড়ত মহিলা কৰ্মচাৰীক অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগ চিকিৎসকৰ বিৰুদ্ধে ৷ বিলাসী বাহন ক্ৰয় কৰাৰ অফাৰ হিচাপে এগৰাকী মহিলাক নৈশ যাপনৰ প্ৰস্তাৱ আগবঢ়ালে এগৰাকী জ্যেষ্ঠ চিকিৎসকে ৷ ইতিমধ্যে চিকিৎসকগৰাকীৰ বিৰুদ্ধে থানাত ৰুজু হৈছে গোচৰ (Complaint against a Doctor of AMCH by a lady) ৷

Complaint against a Doctor of AMCH by a lady
অশ্লীল প্ৰস্তাৱ দিয়া চিকিৎসকৰ বিৰুদ্ধে গোচৰ ৰুজু
author img

By

Published : Aug 27, 2022, 8:22 PM IST

ডিব্ৰুগড়, 27 আগষ্ট : লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষই সংঘটিত কৰা ঘটনা মাৰ নৌযাওঁতেই ডিব্ৰুগড়ত পোহৰলৈ আহিছে আন এক ঘটনা । ডিব্ৰুগড়ত এইবাৰ মহিলা কৰ্মচাৰীক অশ্লীল প্ৰস্তাৱ দিলে চিকিৎসকে । চিকিৎসকৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু ভুক্তভোগীৰ (Complaint against a Doctor of AMCH by a lady) ।

অশ্লীল প্ৰস্তাৱ দিয়া চিকিৎসকৰ বিৰুদ্ধে গোচৰ ৰুজু

বিলাসী বাহন ক্ৰয় কৰাৰ অফাৰ হিচাপে এগৰাকী মহিলাক নৈশ যাপনৰ প্ৰস্তাৱ আগবঢ়ালে এগৰাকী জ্যেষ্ঠ চিকিৎসকে । এই অভিযোগ ভুক্তভোগী যুৱতীগৰাকীৰ । ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি বিভাগৰ চিকিৎসক লিথিংগা লোথাৰ বিৰুদ্ধে উঠিছে এই গুৰুতৰ অভিযোগ ।

চিকিৎসকগৰাকীয়ে ডিব্ৰুগড়ৰ বিমল অট’ নামৰ গাড়ী ডিলাৰৰ পৰা এখন বিলাসী বাহন ক্ৰয় কৰিছিল বৃহস্পতিবাৰে ।

বাহন ক্ৰয় কৰাৰ সময়ত ডিলাৰৰ এগৰাকী মহিলা কৰ্মচাৰীক অশ্লীল প্ৰস্তাৱ দিয়াৰ গুৰুতৰ অভিযোগ জ্যেষ্ঠ চিকিৎসকগৰাকীৰ বিৰুদ্ধে । বাহনখনৰ লগত অফাৰ হিচাপে অতিৰিক্ত কি কি পোৱা যাব বুলি সোধাৰ লগতে অফাৰ হিচাপে চেলচত থকা মহিলাগৰাকীক এৰাতি তেওঁৰ লগত কটাবলৈ কৈছিল চিকিৎসকগৰাকী ।

ডিলাৰৰ আন কেইবাজনো কৰ্মচাৰীৰ উপস্থিতিতেই এই অশ্লীল প্ৰস্তাৱ দিছিল চিকিৎসকগৰাকীয়ে । ইয়াৰ পাচতেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়া । ইতিমধ্যেই চিকিৎসকগৰাকীক বিমল অট’ এজেঞ্চিৰ ডিলাৰৰ পৰা ওভতাই দিয়া হৈছে চেক ।

এই ঘটনা সংক্ৰান্তত ভুক্তভোগী যুৱতীগৰাকীয়ে কাষ চাপিছে আৰক্ষীৰো । ডিব্ৰুগড় সদৰত আৰক্ষীয়ে 517/22 নম্বৰৰ অধিনত এক গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত ।

লগতে পঢ়ক : দোকানত বহি ঘোচ খাই থকা অৱস্থাতে গ্ৰেপ্তাৰ সৰ্বশিক্ষাৰ বিষয়াক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.