ডিব্ৰুগড়, 20 জুন : এইবাৰ প্ৰশান্ত ফুকনৰে সৈতে যুটী বান্ধিলে মুখ্যমন্ত্ৰীয়ে । কিন্তু ৰাজনৈতিক পথাৰত নহয়। ল'ন টেনিছৰ ক'ৰ্টতহে জুতি বান্ধিছে দুয়োগৰাকী নেতাই । ছাৰ্ভিচ প্ৰশান্ত ফুকনৰ ভাল নহয়, সেয়ে বেছিভাগ ছাৰ্ভিচ নিজেই কৰি যুৱ ল'ন টেনিছ খেলুৱৈৰ সৈতে প্ৰতিদ্বন্দিতাত নামিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । ইয়াৰ মাজতে এবাৰ প্ৰতিদ্বন্দী হিচাপে হাতত ৰেকেট তুলি লয় উপায়ুক্ত পল্লৱ গোপালা ঝাই ।
![cm sonowal played lone tennis at dibrugarh](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7702528_hot.jpg)
অৱশ্যে এইবিধ খেলত তিনিওৰে বিশেষ অভিজ্ঞতা নথকা বাবে ল'ন টেনিছ ক'ৰ্টত প্ৰতিভা দেখুওৱাব নোৱাৰিল যদিও ৰাজনীতিৰ পথাৰৰ তথা অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী গৰাকীয়ে এনেদৰে খেলুৱৈ তথা ৰাইজৰ মাজত টেনিছ খেলি উৎসাহিত কৰিলে যুৱ খেলুৱৈ তথা সৰ্বসাধাৰণকো ।
শনিবাৰে দিনটোত কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাচত আবেলি ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত নতুনকৈ নিৰ্মিত এখন অত্যাধুনিক ল'ন টেনিছ ক'ৰ্ট উদ্বোধন কৰি বহু সময় এইদৰে ল'ন টেনিছ খেলিলে মুখ্যমন্ত্ৰী গৰাকীয়ে । লগতে উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ক্ৰীড়াৰ প্ৰতি উৎসাহ জনায় উদ্যমী বক্তব্যও প্ৰদান কৰে ৷
লগতে পঢ়ক : পুনৰ কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা ফাঁচীবজাৰক