ডিব্ৰুগড়, 10 ছেপ্তেম্বৰ : বাঘজানৰ 5 নং তৈল খাদত বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু হোৱা অইলৰ অভিযন্তাৰ মৃত্যুৰ পিচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ বৃহস্পতিবাৰে ডিব্ৰুগড়ত উপস্থিত হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ লগতে,সুদক্ষ অভিযন্তাই প্ৰাণ দিব লগা হোৱাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷
আনহাতে,ভাৰত চৰকাৰৰ পেট্ৰ'লিয়াম মন্ত্ৰণালয়ক বাঘজানৰ পৰিস্থিতি অৱসান ঘটাবৰ বাবে দাবী জনাইছে ৷ অগ্নি নিৰ্বাপনৰ বাবে উত্তম পন্থা অবলম্বন কৰিবলৈ দাবী জনাই মুখ্যমন্ত্ৰীয়ে ৷
ইফালে,বাঘজানৰ জুই নির্বাপিত কৰাৰ বাবে পেট্র'লিয়াম মন্ত্রণালয়ক বিশেষজ্ঞ নিয়ােগ কৰিবলৈ ৰাজ্য চৰকাৰে ইতিমধ্যে অনুৰােধ জনোৱা বুলি উল্লেখ কৰে । লগতে ক্ষতিগ্রস্ত পৰিয়াল সমূহক উপযুক্ত ক্ষতিপূৰণ দিবলৈ অইল আৰু পেট্রলিয়াম মন্ত্রণালয়ক ৰাজ্য চৰকাৰে আহ্বান জনাইছে বুলিও মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত প্ৰতিবাদ