ETV Bharat / state

কংগ্ৰেছক কঠোৰ সমালোচনা মুখ্যমন্ত্ৰী সোণোৱালৰ - Assam elections 2021

৬০ বছৰ কাল শাসনত থাকিও কংগ্ৰেছে চাহ বাগানত এটা পকী পথ নিৰ্মাণ কৰিব নোৱাৰিলে । শাসনকালত এগৰাকী গৰ্ভৱতী মহিলাকো আন্তৰিকতা প্ৰদৰ্শন কৰি সামান্য আৰ্থিক সহযোগিতা প্ৰদৰ্শন কৰিব নোৱাৰিলে- এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷

কংগ্ৰেছক কঠোৰ সমালোচনা মুখ্যমন্ত্ৰী সোণোৱালৰ

author img

By

Published : Mar 21, 2021, 10:41 PM IST

মৰাণ,21মাৰ্চঃ অসমৰ ৰাইজক পুণৰ প্ৰতাৰণা কৰিবলৈ ওলাইছে কংগ্ৰেছে, ৰাহুল গান্ধী অসমলৈ আহি ৰাইজক কৈ গ'ল যে এঘণ্টাৰ ভিতৰত শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব। যি দলে ৬০ বছৰ কাল চৰকাৰত থাকিও চাহ শ্ৰমিকৰ মৰ্মবেদনা বুজিব নোৱাৰিলে । আজিৰ তাৰিখত তেওঁলোকে যিমান ফাঁকি মৰা কথা কৈছে তাৰ প্ৰত্যুত্তৰ দিব অসমৰ ৰাইজে । ৬০ বছৰ কাল শাসনত থাকিও কংগ্ৰেছে চাহ বাগানত এটা পকী পথ নিৰ্মাণ কৰিব নোৱাৰিলে । শাসনকালত এগৰাকী গৰ্ভৱতী মহিলাকো আন্তৰিকতা প্ৰদৰ্শন কৰি সামান্য আৰ্থিক সহযোগিতা প্ৰদৰ্শন কৰিব নোৱাৰিলে ৷ চাহ শ্ৰমিকৰ বাস কৰা স্থান সমূহ বিজ্ঞান সন্মতভাৱে, সুন্দৰভাৱে সজাই তোলাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল’ব লাগিছিল তাকো নকৰিলে- এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷

কংগ্ৰেছক কঠোৰ সমালোচনা মুখ্যমন্ত্ৰী সোণোৱালৰ

বিশেষকৈ বিজুলী যোগান, বিশুদ্ধ খোৱাপানী আদিৰ কথা বিলাক কংগ্ৰেছে আওকাণ কৰি থাকিলে । স্বাস্থ্যৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে চাহ শ্ৰমিকক অৱজ্ঞা কৰি এতিয়া চাহ শ্ৰমিকৰ ওচৰলৈ গৈ চাহ-ভাত খাই বুলি প্ৰশ্ন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কংগ্ৰেছক ৬০ বছৰ ক'ত আছিল বুলি প্ৰশ্ন কৰে । ইয়াৰ উত্তৰ অসমৰ ৰাইজক দিয়ক আৰু শ্ৰমিক ৰাইজে বুজি পাইছে পাঁচ বছৰীয়া চৰকাৰখনে ৮০ টকা মজুৰি বৃদ্ধি কৰিলে । দেওবাৰে চাবুৱা ৰাজহ চক্ৰৰ লাহোৱাল বিধানসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী বিনোদ হাজৰিকাৰ এখন নিৰ্বাচনী সভাত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয় । সহস্ৰাধিক জনতাৰ মাজত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাইজক সম্বোধন কৰি ভাষণ প্ৰদান কৰাৰ লগতে বিধায়ক বিনোদ হাজৰিকাক এখনি গামোচা পিন্ধায় ।

লগতে পঢ়কঃ কি কাৰণে খঙত অগ্নিশৰ্মা সিদ্ধাৰ্থ ভট্টাচাৰ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.