ETV Bharat / state

সোণাৰিত ধৰ্মেশ্বৰ কোঁৱৰৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী

author img

By

Published : Mar 17, 2021, 7:20 PM IST

একেটা দিনতে চৰাইদেউ জিলাৰ ১০৬ নং সোণাৰি বিধানসভা সমষ্টিৰ দুটা পৃথক স্থানত নিৰ্বাচনী প্ৰচাৰ চলালে দুজনকৈ মুখ্যমন্ত্ৰীয়ে । বুধবাৰে সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । আনহাতে, সোণাৰিৰ টাওকাক চাহ বাগিচাত সোণাৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুশীল চুড়ীৰ হৈ প্ৰচাৰ চলাই ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ।

বিজেপি প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সোণোৱালে

মৰাণ,১৭ মাৰ্চ: বুধবাৰে চৰাইদেউ জিলাৰ ১০৬ নং সোণাৰি বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে সাংসদ তপন কুমাৰ গগৈ, ৰামেশ্বৰ তেলী, জ্যেষ্ঠ বিজেপি নেতা অনুপ সিং ৰাজপুৰোহিত, সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈৰ লগতে দলীয় নেতা-কৰ্মীসকল ।

নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ২০১৬ত বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি পূৰণৰ বাবে চৰকাৰে প্ৰয়াস কৰিছে । লগতে আত্মসহায়ক গোটৰ মহিলাসকলকো চৰকাৰৰ পৰা ধনৰাশি লাভৰ বাবে উৎকোচ দিবলগীয়া হৈছে নেকি বুলি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী সোণোৱালে । কংগ্ৰেছৰ শাসন কালত চাকৰিৰ নিযুক্তি, জব কাৰ্ড বিতৰণকে ধৰি সকলো কামৰ বাবে ৰাইজৰ পৰা দালালে ধন সংগ্ৰহ কৰিছিল বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সমালোচনা কৰে ।

উল্লেখ্য যে, নিবাৰ্চনৰ দিন চমু চাপি অহাৰ লগে লগে সোণাৰিত এতিয়া ভিৰ কৰিছে হাই প্ৰফাইল নেতাই । বুধবাৰে কংগ্ৰেছ প্ৰাৰ্থী সুশীল চুড়ীৰ হৈ ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলেও ১০৬ নং সোণাৰি বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলায় । সমষ্টিটোৰ টাওকাক চাহ বাগিচাত প্ৰচাৰ চলাই ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক: চিদলীত নিৰ্দলীয় প্ৰাৰ্থী জেছায়া চাম্প্ৰামাৰীৰ মনোনয়ন দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.