ETV Bharat / state

CM reacts on Erosion of Dibrugarh: বেছি দূৰ নাই ডিব্ৰুগড় চহৰলৈ ! খহনীয়া ৰোধৰ বাবে ব্যৱস্থা লোৱাৰ আশ্বাস মুখ্যমন্ত্ৰীৰ - Erosion by Brahmaputra river in Dibrugarh

ডিব্ৰুগড়ৰ মোহনাঘাটত হোৱা গৰাখহনীয়াক লৈ উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ খহনীয়া প্ৰতিৰোধৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস মুখ্যমন্ত্ৰীৰ ৷

CM reacts on Erosion of Dibrugarh
বেছি দূৰ নাই ডিব্ৰুগড় চহৰলৈ
author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 8:52 PM IST

বেছি দূৰ নাই ডিব্ৰুগড় চহৰলৈ

ডিব্ৰুগড়, 16 অক্টোবৰ : ডিব্ৰুগড়ত খহনীয়াই লৈছে ভয়ংকৰ ৰূপ ৷ ডিব্ৰুগড়ৰ চহৰলৈও ভাবুকি কঢ়িয়াইছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই ৷ জিলাখনৰ মোহনাঘাটত সৃষ্টি হোৱা ভয়ংকৰ খহনীয়াত চকুৰ সন্মুখতে নৈ বুকুত জাহ গৈছে বহু পৰিয়ালৰ ঘৰ, কৃষিভূমি । বিগত কেইবাদিনো ধৰি মোহনাঘাটত ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত থকাৰ বাবে উক্ত অঞ্চলটোৰ পৰা 70 টা পৰিয়ালক ইতিমধ্যে স্থানান্তৰিত কৰা হৈছে ৷

ইফালে ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া দেখি শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷ আনহাতে ডিব্ৰুগড়ৰ মোহনাঘাটত হোৱা খহনীয়াক লৈ উদ্বেগ প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সোমবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ‍্যমন্ত্ৰী শৰ্মাই কয়, ‘‘ ডিব্ৰুগড়ত খহনীয়াৰ সমস্যা যাতে সমাধান কৰিব পাৰি তাৰ বাবে দুই এদিনতে জলসম্পদ বিভাগৰ মন্ত্ৰী গৰাকীক পৰিদৰ্শনৰ কাৰণে পঠিওৱা হ'ব ।’’

তেওঁ পুনৰ কয় যে, ডিব্ৰুগড়ৰ এটা স্থানত খহনীয়া প্ৰতিৰোধ হোৱা পাচতেই পুনৰ আন এটা স্থানত খহনীয়া হোৱা বাবে স্থায়ী সমাধান কৰাত সমস্যাৰ সৃষ্টি হৈছে । ডিব্ৰুগড়ত খহনীয়া ৰোধৰ বাবে সকলো ব্যৱস্থা কৰিব চৰকাৰে এই আশ্বাস দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

মুখ্যমন্ত্ৰীৰ এই আশ্বাসৰ পাচত ডিব্ৰুগড়ত হোৱা ভয়ংকৰ খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ'ব । কিয়নো মোহনাঘাটৰ খহনীয়াৰ প্ৰকোপ অতি ভয়ংকৰ যদিও কেৱল কিছু জিঅ' বেগ দি গৰাখহনীয়া ৰোধৰ চেষ্টা কৰিছে জলসম্পদ বিভাগে ।

এই ভয়ংকৰ খহনীয়াই বিপদ মাতিছে ঐতিহাসিক ডিব্ৰুগড় চহৰলৈও । খহনীয়া নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে ডিব্ৰুগড় চহৰৰ মূল প্ৰতিৰক্ষা বান্ধ খহনীয়াত নিচিহ্ন হোৱাটো নিশ্চিত হৈছে । সেয়ে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ ৰাইজে আহ্বান জনাই আহিছে চৰকাৰক ।

লগতে পঢ়ক:Microfinance Relief scheme: মহিলাসকলক মাইক্ৰ'ফাইনেন্সৰ ঋণৰ পৰা মুক্ত কৰাৰ প্ৰতিশ্ৰুতি কিয় দিছিল মুখ্যমন্ত্ৰীয়ে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.