ETV Bharat / state

CM in Dibrugarh : প্ৰধানমন্ত্ৰীৰ সভাৰ প্ৰস্তুতিৰ তদাৰকী হিমন্ত বিশ্ব শৰ্মাৰ - প্ৰধানমন্ত্ৰীৰ সভাৰ তদাৰকী হিমন্ত বিশ্ব শৰ্মাৰ

২৮ এপ্ৰিলত অসমলৈ অহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Modi to visit Assam on 28th April) । মোদীৰ আগমনৰ পূৰ্বে ব্যাপক প্ৰস্তুতি চলাইছে গেৰুৱা দলটোৱে । ২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে ৭খন কৰ্কট চিকিৎসালয় শুভ উদ্ধোধন কৰিব(PM Modi to inaugurate Cancer hospitals in Assam) । এই কৰ্কট চিকিৎসালয়ে ৰাজ্যবাসীলৈ আশাৰ ৰেঙণি কঢ়িয়াব বুলি মন্তব্য় মুখ্যমন্ত্ৰীৰ ।

cm visited modi meeting place
cm visited modi meeting place
author img

By

Published : Apr 25, 2022, 7:57 PM IST

মৰাণ,২৫ এপ্ৰিল: প্ৰধানমন্ত্ৰী আগমনৰ প্ৰাক মূহুৰ্তত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma in Dibrugarh) । প্ৰধানমন্ত্ৰীৰ সভাৰ সকলো কামকাজৰ তদাৰক কৰিলে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । দেওবাৰৰ পৰাই ডিব্ৰুগড়ত বাহৰ পাতি থকাৰ লগতে সকলো কামৰ ওপৰত বুজ লোৱাৰ উপৰিও প্ৰত্যেকটো বিভাগৰ উচ্চপদস্থ বিষয়া সকলৰ লগত আলাপ আলোচনাতো মিলিত হয় মুখ্যমন্ত্ৰী গৰাকী (CM inspects the preparations for Modi's Assam visit)।

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী: প্ৰধানমন্ত্ৰীৰ সভাৰ তদাৰক হিমন্ত বিশ্ব শৰ্মাৰ

নিশাৰ ভাগত অসম চিকিৎসা মহাবিদ্যালয়ত নিৰ্মাণ হৈ থকা কেন্সাৰ হাস্পতালখন পৰিৰ্দশন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Cancer hospital in AMCH)। লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বৃহৎ ৩০০ বিচনাযুক্ত অত্যাধুনিক সা-সৰঞ্জাম মেচিনজাত যন্ত্ৰপাতি থকা হাস্পতালখনে ৰোগী সকললৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অহা ২৮ এপ্ৰিল তাৰিখে ডিব্ৰুগড়ত নিৰ্মাণ হোৱা কেন্সাৰ হস্পাতালখন শুভাৰম্ভ কৰি ৰোগী সকলৰ বাবে মুকলি কৰিব । ইয়াৰ ওপৰিও ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত আনুষ্ঠানিকভাৱে ৭ খন কৰ্কট চিকিৎসালয় শুভ উদ্ধোধন কৰিব আৰু ৭খন চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব ।

লগতে পঢ়ক: Jignesh Mevani latest news : বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে জিগনেশ মেৱানীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.