ETV Bharat / state

গৃহ চহৰত আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী সোণোৱালৰ - ভূমি পট্টা

সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গৃহ চহৰ ডিব্ৰুগড়ত কেইবাটাও আধাৰশিলা স্থাপন কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ৩ কোটি টকা ব্যয় সাপেক্ষে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকৰ নিৰ্মীয়মান কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ পাছতে ফুলবাগানত ১ কোটি ৩০ লাখ টকা ব্যয় সাপেক্ষে ডিব্ৰুগড় পূৱ ৰাজহ চক্ৰৰ নৱ নিৰ্মিত ভৱনৰ উদ্বোধন কৰে ৷

CM Attend various programmes in  Dibrugarh
গৃহচহৰ ডিব্ৰুগড়ত এটাৰ পিছত আনটো আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী সোণোৱালৰ
author img

By

Published : Feb 8, 2021, 9:52 PM IST

মৰাণ,8 ফেব্ৰুৱাৰী: 2021 ৰ বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে শাসক-বিৰোধী ৷ সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেইবাটাও আধাৰশিলা স্থাপন কৰাৰ লগতে উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ পুৱাই মুখ্যমন্ত্ৰীগৰাকীয়ে ৩ কোটি টকা ব্যয় সাপেক্ষে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকৰ নিৰ্মিত হ'ব লগা কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ পাছতে ফুলবাগানত ১ কোটি ৩০ লাখ টকা ব্যয় সাপেক্ষে ডিব্ৰুগড় পূৱ ৰাজহ চক্ৰৰ নৱ নিৰ্মিত ভৱনৰ উদ্বোধন কৰে ৷

তদুপৰি ফুলবাগানতে ৫,৩৯,৫১,৫৯০ টকা ব্যয় সাপেক্ষ গ্ৰাম্য পথ কাৰ্যতন্ত্ৰ ব্যৱস্থাপনা গোটৰ নতুনকৈ নিৰ্মিত ভৱন উদ্বোধন কৰাৰ লগতে ডিব্ৰুগড়ৰ অন্যতম পুৰণি ইণ্ডিয়া ক্লাবৰ পুনৰ নিৰ্মাণ তথা মেৰামতিৰ বাবে ২০ লাখ টকা ব্যয় সাপেক্ষ পুঁজি মুকলি আৰু আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ইপিনে,ইণ্ডিয়া ক্লাবত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুজনকৈ অগ্ৰণী ব্যক্তি প্ৰয়াত অধ্যাপক অমৰেশ দত্ত আৰু প্ৰয়াত ড৹ ফণীন্দ্ৰ নাথ ঘোষৰ প্ৰতিমূৰ্তিৰো শিলান্যাস স্থাপন কৰে ।

গৃহচহৰ ডিব্ৰুগড়ত এটাৰ পিছত আনটো আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী সোণোৱালৰ

আনহাতে, মুখ্যমন্ত্ৰী গৰাকীয়ে ডিব্ৰুগড়ৰ খনিকৰত গুৱাহাটীৰ তাৰাকাগৃহৰ আৰ্হিত ১৬ কোটি টকাৰে নিৰ্মাণ হ'ব লগা এটা অত্যাধুনিক বিজ্ঞান কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে ৷ য'ত বিষয় ভিত্তিক বিজ্ঞান বীথিকা, উদ্ভাৱন কেন্দ্ৰ, সভাকক্ষ, বিজ্ঞান উদ্যান, অতিথিশালা আৰু কৰ্মচাৰী আৱাস আদিৰ সুবিধা থাকিব ৷ বিজ্ঞান কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ দ্বাৰা যথেষ্ট পৰিমাণে উপকৃত আৰু লাভান্বিত হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

উক্ত অনুষ্ঠানতে ডিব্ৰুগড় জিলাৰ ৪৭১ গৰাকী ক্ষুদ্ৰ চাহ খেতিয়কক ভূমি পট্টাও প্ৰদান কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷ অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী যোগেন মহন, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ঋতুপৰ্ণ বৰুৱা, প্ৰশান্ত ফুকন, তেৰছ গোৱালা, বিমল বৰা, নৰেন সোণোৱালসহ বহু বিষয়া-আমোলা উপস্থিত থাকে ৷

লগতে পঢ়কঃ অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ ৰাজীৱ কুমাৰ বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.