ETV Bharat / state

Cancer treatment in Assam: আকৌ বনৌষধিৰে কৰ্কট নিৰাময়ৰ দাবী

বাৰীৰ চুকৰ বনৌষধৰে নিজৰ লগতে আন দহজন কৰ্কট ৰোগীক সুস্থ কৰাৰ দাবী চাবুৱাৰ এগৰাকী মহিলাৰ । ঘৰতে প্ৰস্তুত কৰা বনষৌধিৰে কেঞ্চাৰ, ইউটেৰাছ, এজমা, ব্ৰেইনটিউমাৰ,নিৰাময়ৰ দাবী কৰিছে চাবুৱাৰ ডিকম ইকৰাতলিৰ জেউতি বৰুৱা ফুকনে ।

Claim of cancer cure with herbs in Chabua
আকৌ বনৌষধিৰে কৰ্কট নিৰাময়ৰ দাবী
author img

By

Published : Aug 16, 2023, 3:04 PM IST

আকৌ বনৌষধিৰে কৰ্কট নিৰাময়ৰ দাবী

ডিব্ৰুগড়, ১৬ আগষ্ট: দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো বৃদ্ধি পাইছে দুৰাৰোগ্য কৰ্কট ৰোগৰ সংখ্যা । দুৰাৰোগ্য ৰোগটোৰ চিকিৎসাৰ নামত ৰোগাক্ৰান্তসকলে লক্ষ লক্ষ টকা ব্যয় কৰি সৰ্বস্বান্ত হৈছে । তেনে সময়তে কোনো বৈজ্ঞানিক স্বীকৃতি নাথাকিলেও ঘৰতে বনৌষধ প্ৰস্তুত কৰি নিজৰ লগতে আন দহজন কৰ্কট ৰোগীকো সুস্থ কৰি তোলাৰ দাবী কৰিছে চাবুৱাৰ এগৰাকী মহিলাই ।

ঘৰৰ বাৰীৰ চুকৰ বনষৌধিৰেই কৰ্কট ৰোগ নিৰাময়ৰ দাবী চাবুৱাৰ ডিকম ইকৰাতলী খনিকৰ গাঁৱৰ জেউতি বৰুৱা ফুকনৰ । এইগৰাকী সাধাৰণ মহিলাই ঘৰতেই ঔষধিযুক্ত ভিন্ন গছৰ ডাল পাতৰ পৰা একাধিক ৰোগৰ ঔষধ প্ৰস্তুত কৰি বহু দুৰাৰোগ্য ৰোগীৰ জীৱন ৰক্ষা কৰাৰ দাবী কৰিছে । জেউতি বৰুৱা ফুকন নামৰ এই মহিলা গৰাকীয়ে প্ৰায় ডেৰ দশক ধৰি ব্লাড কেঞ্চাৰ, ব্ৰেইন টিউমাৰ,পাইলচ, চাইনাচ,এজমা, চকুৰ কেটেৰেক ইত্যাদি ৰোগৰ চিকিৎসা কৰি সুফল লাভ কৰি আহিছে বুলি জানিবলৈ দিয়ে ।

অসমৰ বিভিন্ন প্ৰান্তৰ ৰোগী সকলে ঔষধ সেৱন কৰি সুফল লাভ কৰি অহাৰ লগতে অসমৰ বাহিৰৰ দুৰাৰোগ্য ৰোগীয়েও তেওঁৰ পৰা চিকিৎসা গ্ৰহণ কৰে বুলি জনায় জেউতি বৰুৱা ফুকনে । উল্লেখ্য যে এই মহিলাগৰাকীৰ নিজৰে প্ৰায় ডেৰ দশক পূৰ্বে দুৰাৰোগ্য কৰ্কট ৰোগে দেখা দিছিল আৰু তেওঁ নিজেই প্ৰস্তুত কৰা ঔষধ গ্ৰহণ কৰিয়েই আৰোগ্য লাভ কৰা বুলি জানিবলৈ দিয়ে ।

ইফালে আকৌ তেওঁৰ স্বামী দুৰ্ঘটনাত পতিত হৈ প্ৰায় দুটা বছৰে গৃহবন্দী হৈ থাকিবলগীয়া হোৱাত এতিয়া মহিলাগৰাকীয়ে এই কাৰ্যই ঘৰখনৰ একমাত্ৰ জীৱিকাৰ উৎস হৈ পৰিছে । লগতে স্বামীৰ চিকিৎসাও নিজেই প্ৰস্তুত কৰা বনৌষধেৰে কৰিছে বুলি জনায় মহিলাগৰাকীয়ে । দুৰাৰোগ্য ৰোগত ভুগি জীৱনৰ আশা এৰি দিয়া বহু ৰোগীক ডেৰ দশক ধৰি কম মূল্যতে বনৌষধিবিধ প্ৰদান কৰি আহিছে জেউতি বৰুৱা ফুকনে ।

প্ৰতিদিনে চাবুৱা ডিকম ইকৰাতলিৰ জেউতি বৰুৱা ফুকনৰ ঘৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰোগীয়ে বিভিন্ন ৰোগৰ বনৌষধি বিচাৰি ভিৰ কৰে বুলি তেওঁ জানিবলৈ দিয়ে । উল্লেখযোগ্য কেইটামান মাহৰ পুৰ্বে টিংখাঙৰ দুৰ্লভ গগৈ নামৰ এজন ব্যক্তিৰ চাবাচনেগ্ৰাছ গছৰ পৰা কেঞ্চাৰ প্ৰতিৰোধী বনৌষধ আবিষ্কাৰ কৰা কথা বিয়পি পৰাৰ পাছতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শ শ ৰোগীয়ে ভিৰ কৰিছিল দুৰ্লভ গগৈৰ বাসগৃহত । ইয়াৰ পাছেই বনৌষধি গছৰ অভাৱৰ বাবে ৰোগীৰ চিকিৎসা বন্ধ কৰি দিছিল দুৰ্লভ গগৈয়ে ।

আয়ুৰ্বেদ বা চিকিৎসা বিজ্ঞানৰ কোনো স্বীকৃতি নাথাকিলেও বছৰৰ পাছত বছৰ ধৰি দুৰাৰোগ্য ৰোগত ভুগি থকা একাংশ ৰোগীৰ বাবে "বিশ্বাসে মিলয় হৰি"ৰ দৰে হৈ পৰিছে এই বনৌষধ ।

লগতে পঢ়ক: Thief arrested: সাংসদৰ আবাসৰ সমীপত পানীৰ মটৰ খুলি থাকোতেই ধৰা পৰিল চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.