ডিব্ৰুগড়,২১ অক্টোবৰ: ডিব্ৰুগড়ৰ সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যালয়ত CID ৰ অভিযান । তদানীন্তন মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰীৰ দিনত সংঘটিত প্ৰায় ৩৬২ কোটিৰ কেলেংকাৰীৰ সন্দৰ্ভত CID য়ে এই অভিযান চলাই(CID raids Sonowal Kachari Autonomous Council office) । অভিযোগ অনুসৰি, সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰীয়ে নডেল বিষয়া হিতেন্দ্ৰ ঝাৰ দ্বাৰা সংঘটিত কৰিছিল বৃহৎ কেলেংকাৰী(Former CEM Dipuranjan Makrari scam) ।
বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোনোৱালে জানিবলৈ দিয়া মতে, ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ বহুকেইটা ভেণ্ডৰৰ সৈতে সামগ্ৰী যোগানৰ নামত চুক্তিবদ্ধ হৈছিল তদানীন্তন মুখ্য কাৰ্যবাহী সদস্য দ্বীপুৰঞ্জন মাক্ৰাৰী । ইয়াৰে ৩০ কোটি টকা মোকলাই দিয়াৰ বিপৰীতে বাকী পাবলগীয়া ধন লাভ নকৰাত গোচৰ তৰিছিল ভেণ্ডৰসকলে ।
ইয়াৰ পিছতে এই বৃহৎ কেলেংকাৰীৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে চি আই ডিক অৰ্পণ কৰাত শুকুৰবাৰে প্ৰাথমিক তদন্তৰ বাবে পৰিষদীয় কাৰ্যালয়ত উপস্থিত হয় চি আই ডিৰ এটা দল । দলটোৱে পৰিষদৰ বিষয়া-কৰ্মচাৰী সকলকো সোধপোচ কৰা বুলি জানিবলৈ দিছে বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোনোৱালে ।
উল্লেখযোগ্য তদানীন্তন মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰীৰ বিৰুদ্ধে বহু দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈ আহিছিল । ইয়াৰ পাছতেই গুৱাহাটী উচ্চ ন্যায়ালয়ে ক্ষমতা কৰ্তন কৰিছিল সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দীপুৰঞ্জন মাক্ৰাৰীৰ (Power cuts in CEO of Sonowal Kachari Autonomous Council) ৷ পৰিষদৰ ১৯ জনকৈ সদস্যই মুখ্য কাৰ্যবাহীগৰাকীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনাৰ পাছতে ন্যায়ালয়ে ২৫ জানুৱাৰীত মুখ্য কাৰ্যবাহীগৰাকীৰ ক্ষমতা কৰ্তন কৰিছিল ৷
দীৰ্ঘদিন ধৰি পৰিষদৰ সামূহিক কামকাজ আৰু সিদ্ধান্তৰ ক্ষেত্ৰত মুখ্য কাৰ্যবাহী দীপুৰঞ্জন মাক্ৰাৰীয়ে একনায়কত্ববাদ চলাই অহাৰ লগতে চৰকাৰী বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত অনিয়ম সংঘটিত কৰি অহাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছিল । যাৰ বাবে মুখ্য কাৰ্যবাহী গৰাকীৰ কামকাজত পৰিষদৰ সদস্যসকলে অসন্তষ্টি প্ৰকাশ কৰাৰ লগতে ১৯ জনকৈ সদস্যই ২০২১ বৰ্ষৰ ৪ ডিচেম্বৰত অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল ।
লগতে পঢ়ক: Morigaon Civil Hospital: চিকিৎসকৰ অভাৱত গৰ্ভৱতী মহিলাৰ চটফটনি