মৰাণ, 17 জুলাই : বিচিত্ৰ পৃথিৱীৰ বিচিত্ৰ কাহিনী । কিশোৰ অৱস্থাত পিতৃ-মাতৃৰ অবিহনে সময় পাৰ কৰাটো কিমান কষ্টৰ কাম সেইয়া দুৰ্ভগীয়া জনেহে বুজি পায় । ডিব্ৰুগড় নাহৰকটীয়াৰ শামুকতোলা নামৰ গাঁওখনৰ এই তিনি কিশোৰ কিশোৰী । নাম জোন, দেৱৰাজ আৰু দেৱযানী ৷ মাওবাদী পিতৃৰ অৱৰ্তমানত মাক তৰামাই ওৰাঙে অংগনবাদী কৰ্মী হিচাপে পোৱা সামান্য মাননিৰে কঠোৰ পৰিশ্ৰমৰ মাজত সন্তান তিনিটাক ডাঙৰ-দীঘল কৰিছিল ।
কিন্তু তৰামাই ওৰাঙৰ সেই সংগ্ৰাম শেষ হ’ল । জীৱন যুঁজত পৰাজিত হৈ বিগত ৭ জুনত এই ধৰাৰ পৰাই মেলানি মাগিলে তৰামাই ওৰাঙে ৷ মাতৃৰ অৱৰ্তমানত জোন-দেৱযানীহঁতক চোৱাচিতা কৰিবলৈ এতিয়া কোনো নাই ৷
তৰামাই ওৰাঙৰ স্বামী তথা নিঠৰুৱা এই তিনি সন্তানৰ পিতৃ টিংৰাজ ওৰাং চাহ শ্ৰমিকৰ সংগ্ৰামী নেতা আছিল ৷ আৰক্ষী সূত্ৰৰ মতে টিংৰাজ এতিয়া মাওবাদী সংগঠনৰ সদস্য ৷ ২০১০ চনৰ অক্টোবৰত মাওবাদী সংগঠনত যোগদান কৰা টিংৰাজৰ আজিকোপতি নাই কোনো সন্ধান ৷
যাৰ পৰিণতিত নিঠৰুৱা সন্তান তিনিটিয়ে সংবাদ মাধ্যমৰ জৰিয়তে পিতৃক জনালে ঘূৰি অহাৰ কাতৰ আহ্বান । কিন্তু মাওবাদী টিংৰাজ উভতি আহিবনে মাতৃহাৰা নিঠৰুৱা সন্তানকেইটিৰ কাষলৈ এতিয়া সেয়া ডাঙৰ প্ৰশ্ন ৷ যদি আহেও আৰক্ষীয়ে কাৰাগাৰলৈ নপঠিওৱাকৈ শুদাই এৰিবনে ৷ শামোকতোলা নামৰ অখ্যাত গাঁওখনৰ এই তিনি নিঠৰুৱা কিশোৰ কিশোৰীৰ ওচৰত সেই প্ৰশ্নৰো কোনো এতিয়া উত্তৰ নাই ৷
লগতে পঢ়কঃ চুবুৰীয়া ৰাজ্যৰ দখলত অসমৰ মুঠ ৬৯০১০.৮২৪২ হেক্টৰ ভূমি