ETV Bharat / state

মৰাণত মুখ্যমন্ত্ৰীৰ মাৰাথান আধাৰশিলা স্থাপন

author img

By

Published : Sep 17, 2019, 12:02 AM IST

বহু বিৰতিৰ অন্তত গৃহ জিলা ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ তিনিটা কোটিটকীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন ৷

মৰাণত মুখ্যমন্ত্ৰীৰ মাৰাথান আধাৰশিলা

মৰাণ,15 চেপ্তেম্বৰ: দেওবাৰে গৃহ জিলা ডিব্ৰুগড়ৰ মৰাণ নগৰত উপস্থিত হৈ প্ৰায় তেৰ কোটি নব্বৈ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া তিনিটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মৰাণ নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ৩.৫ কিলোমিটাৰ দৈৰ্ঘৰ উন্নীতকৰণ আৰু সৌন্দৰ্য বৰ্ধন,মৰাণ নগৰৰ মাজ মজিয়াত দহ লাখ টকা ব্যয় সাপেক্ষে চাওলুং চুকাফাৰ প্ৰৰ্তিমূৰ্তি স্থাপন আৰু ত্ৰিশ লাখ টকা ব্যয় সাপেক্ষে হাটখোলাত অৱস্থিত মৰাণ শিশু উদ্যানৰ উন্নীতৰণ আৰু সৌন্দৰ্য বৰ্ধনৰ আঁচনিৰ আধাৰশিলা স্থাপন কৰি বিয়লি ৩ বজাত মুখ্যমন্ত্ৰী সোণোৱালে মৰাণৰ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে সভাত বিগত পাঁচ বছৰে সমগ্ৰ ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপি চৰকাৰে আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে বুলি নিজৰ বক্তব্য দাঙি ধৰে ৷ তেওঁ লগতে কয় যে পূৰ্বৰ চৰকাৰে চিন্তা কৰিব নোৱাৰা কাম বৰ্তমানৰ চৰকাৰখনে কৰি পাহাৰ-ভৈয়াম,বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাকে ধৰি 33 খন জিলাৰ সকলো ঠাইতে বসবাস কৰা সৰ্বস্তৰৰ ৰাইজৰ কল্যাণ-উন্নয়নত আত্মনিয়োগ কৰিছে বুলি তেওঁ উল্লেখ কৰে ৷

বহু বিৰতিৰ অন্তত গৃহ জিলা ডিব্ৰগড়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ভাৰতীয় জনতা পাৰ্টিৰ খোৱাং ব্লক মণ্ডলৰ সভাপতি ভাস্কৰজ্যোতি বৰুৱাই আঁত ধৰা সভাখনত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী,মৰাণ আৰু টিংখাঙৰ বিধায়কদ্বয় ক্ৰমে চক্ৰধৰ গগৈ আৰু বিমল বৰা,এন এইচ আই ডি চি এলৰ কাৰ্যবাহী সঞ্চালক অজয় আলুলিয়া,ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝাকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷ ইফালে সভাত অংশগ্ৰহণ কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে মৰাণৰ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খন পৰিভ্ৰমণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ফল-মূল বিতৰণ কৰে ৷

Intro:
অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গৃহ জিলাৰ মৰাণ ৰাজহ নগৰত তেৰ কোটি নব্বৈলাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া তিনিটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ তেৰ কোটি পঞ্চাছ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া মৰাণ নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ৩.৫ কিলোমিটাৰ দৈৰ্ঘৰ উন্নীতকৰণ আৰু সৌন্দৰ্য বৰ্ধন, মৰাণ নগৰৰ মাজ মজিয়াত দহ লাখ টকা ব্যয় সাপেক্ষে চাওলুং চুকাফাৰ প্ৰৰ্তিমূৰ্তি স্থাপন আৰু ত্ৰিশ লাখ টকা ব্যয় সাপেক্ষে হাটখোলাত অৱস্থিত মৰাণ শিশু উদ্যানৰ উন্নীতৰণ আৰু সৌন্দৰ্য বৰ্ধনৰ আঁচনিৰ আধাৰশিলা স্থাপন কৰি বিয়লি ৩ বজাত মুখ্যমন্ত্ৰী সোণোৱালে মৰাণৰ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰে৷ সভাত বক্তব্য দাঙি ধৰি মুখ্যমন্ত্ৰী সোণোৱালে বিগত পাঁচ বছৰে সমগ্ৰ ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপি চৰকাৰে আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে৷ পূৰ্বৰ কোনো এখন চৰকাৰে চিন্তা কৰিব নোৱাৰা কাম বৰ্তমানৰ চৰকাৰখনে কৰি পাহাৰ-ভৈয়াম, বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাকে ধৰি ৩৩ খন জিলাৰ সকলো ঠাইতে বসবাস কৰা সৰ্বস্তৰৰ ৰাইজৰ কল্যাণৰ কাৰণে, উন্নয়নৰ কাৰণে আত্মনিয়োগ কৰিছে চৰকাৰে৷ দুৰ্নীতিমুক্ত, প্ৰদূষণমুক্ত এখন সুস্থ-সবল সমাজ গঠন কৰিবলৈ অসমৰ ৰাইজৰ সহযোগত চৰকাৰখন আগবাঢ়ি যাব বুলিও লগতে উল্লেখ কৰে সোণোৱালে৷ভাৰতীয় জনতা পাৰ্টিৰ খোৱাং ব্লক মণ্ডলৰ সভাপতি ভাস্কৰজ্যোতি বৰুৱাই আঁত ধৰা সভাখনত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মৰাণ আৰু টিংখাঙৰ বিধায়কদ্বয় ক্ৰমে চক্ৰধৰ গগৈ আৰু বিমল বৰা, এন এইচ আই ডি চি এলৰ কাৰ্যবাহী সঞ্চালয় (প্ৰজেক্ট) অজয় আলুলিয়া, ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝাকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷ ইফালে এই সভাত অংশগ্ৰহণ কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে মৰাণৰ জনমঙ্গল আদৰ্শ অন্ধ বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খন পৰিভ্ৰমণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ফল-মূল বিতৰণ কৰে৷

Body:ঐConclusion:ঐ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.