ETV Bharat / state

এতোৱা মুণ্ডাৰ নিৰ্বাচনী সভাত ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী - বিশাল নিৰ্বাচনী সভা

অসমত এইবাৰ মহাজোঁট বন্ধনৰ চৰকাৰ হ’ব ৷ টিংখাঙত মিত্ৰজোঁটৰ সমৰ্থিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী এতোৱা মুণ্ডাৰ নিৰ্বাচনী সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে দাবী কৰে এই কথা ।

Chhattisgarh CM Election campaign at Tingkhong
টিংখাঙত এতোৱা মুণ্ডাৰ নিৰ্বাচনী সভাত ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী
author img

By

Published : Mar 14, 2021, 7:44 PM IST

টিংখাং,14 মাৰ্চ: ডিব্ৰুগড়ৰ টিংখাঙৰ কৰঙানিত দেওবাৰে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে নিৰ্বাচনী প্ৰচাৰ চলায় ৷ কংগ্ৰেছৰ প্ৰথমখন বিশাল নিৰ্বাচনী সভাৰ বাবে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বিশেষ হেলিকপ্তাৰেৰে আহি টিংখাঙত মিত্ৰজোঁটৰ সমৰ্থিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী এতোৱা মুণ্ডাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় । ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্বাচনী সভাত এইবাৰ অসমত মহাজোঁট বন্ধনৰ চৰকাৰ হ’ব বুলি দাবী কৰে ।

বাঘেলে ভাষণ প্ৰসংগত বিজেপি চৰকাৰক সমালোচনা কৰি ছত্তিশগড় চৰকাৰে 25 টকা সমৰ্থিত মূল্যত কৃষকৰ ধান ক্ৰয় কৰিছে বুলি উল্লেখ কৰে । তেওঁ লগতে ছত্তিশগড়ত 18 লাখ কৃষকৰ 10 হাজাৰ কোটি টকা ঋণ ৰেহাই কৰি দিয়া হৈছে মন্তব্য কৰে । অসমতো কংগ্ৰেছৰ চৰকাৰ আহিলে 200 ইউনিট বিদ্যুৎ মাচুল ৰেহাই কৰি দিয়া হ’ব বুলি তেওঁ সদৰী কৰে ।

এতোৱা মুণ্ডাৰ নিৰ্বাচনী সভাত ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী

কংগ্ৰেছ নেতা সুজিৎ লিগিৰাই আঁত ধৰা আৰু প্ৰাৰ্থী এতোৱা মুণ্ডাই আদৰণি ভাষণ আগবঢ়োৱা সভাখনত জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰ, এআইচিচিৰ সম্পাদক বিকাশ উপাধ্যায়, চিপিআইএমএলৰ কেন্দ্ৰীয় নেতা বলিন্দ্ৰ শইকীয়াই ভাষণ প্ৰদান কৰি বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে । সভাত সমষ্টিটোৰ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : জিএমচিএইচত অখিল গগৈক সাক্ষাৎ কৰিলে যোগেন্দ্ৰ যাদৱে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.