ETV Bharat / state

Cheque Distribution in Dibrugarh : ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিলে ঋণ ৰেহাইৰ চেক

ডিব্ৰুগড়ত বুধবাৰে অসম মাইক্ৰ’ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনি (AMFIRS Scheme of Assam) ৰ অধীনত 5097 গৰাকী মহিলাক প্ৰদান কৰা হয় চেক ৷ ঋণগ্ৰস্ত মহিলাসকল এই আঁচনিৰ জৰিয়তে উপকৃত হোৱাৰ লগতে এই আঁচনিয়ে মহিলা সবলীকৰণৰ দিশত এক অন্য যুগৰ সূচনা কৰিব বুলি আশাবাদী মুখ্যমন্ত্ৰী ৷

Cheque-distribution-in-dibrugarh-under-amfirs-scheme
ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে হিতাধিকাৰীক বিতৰণ কৰিলে চেক
author img

By

Published : Jan 6, 2022, 10:32 AM IST

ডিব্ৰুগড়, 6 জানুৱাৰী : "মই আজি আপোনালোকক বহুত কথা নকওঁ, কাৰণ আপোনালোকে বহুতো ভাত-পানীও খোৱা নাই নে খাই আহিছে ঘৰত ? নাই খোৱা ! নিজেও খাই অহা নাই আৰু মোৰ কাৰণে পিঠাও অনা নাই ! ৱাহ হয়নে, দুইফালে গণ্ডগোল হৈ আছে" - এয়া কোনো নাটকৰ সংলাপ নহয় ৷ এই ভাষ্য হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

বুধবাৰে ডিব্ৰুগড়ত অসম মাইক্ৰ’ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনিৰ অধীনত অনুষ্ঠিত হিতাধিকাৰীক চেক বিতৰণৰ কাৰ্যসূচীত এইদৰে সাধাৰণ জনতাক উদ্দেশ্যি ধেমেলীয়া মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷ সততেই নিজৰ ধেমেলীয়া স্বভাৱেৰে চৰ্চাত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিয়মীয়াকৈ মাইক্ৰ’ফাইনেঞ্চৰ ঋণ পৰিশোধ কৰি থকা ডিব্ৰুগড়ৰ 25,097 গৰাকী হিতাধিকাৰীক চেক প্ৰদান কৰে ৷

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে হিতাধিকাৰীক বিতৰণ কৰিলে চেক

বুধবাৰৰ দিনটোত প্ৰায় 44 কোটি টকাৰ চেক বিতৰণ কাৰ্যসূচী সম্পন্ন হৈ যায় ৷ চেক বিতৰণ কাৰ্যসূচী তিনিটা পৰ্যায়ত হ’ব বুলি কৈ এই আঁচনিৰ অধীনত সৰ্বমুঠ 24 লাখ মহিলা উপকৃত হ’ব বুলি জনাই মুখ্যমন্ত্ৰীয়ে ৷ 12 হাজাৰ কোটি টকাৰ ব্যয়ৰে এই অসম চৰকাৰে এই আঁচনি হাতত লৈছে ৷

অসমত প্ৰথমবাৰৰ বাবে এনে আঁচনি ৰূপায়ণ কৰি অসমৰ মহিলাসকলক চৰকাৰে প্ৰদান কৰিছে আৰ্থিক সকাহ ৷ ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰৰ এই অনুষ্ঠানৰ আৰম্ভণিত উদ্বোধনী ভাষণ আগবঢ়ায় ৰাজ্যৰ ক্ৰীড়া আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই ৷ মন্ত্ৰী বিমল বৰাই এই আঁচনিয়ে মহিলাসকলক যথেষ্ট উপকৃত কৰিব বুলি মন্তব্য কৰে ৷

বিত্ত মন্ত্ৰী অজন্তা নেওগে অসমৰ অৰ্থনৈতিক বুনিয়াদৰ শ্ৰীবৃদ্ধি কৰাৰ লগতে মহিলা সবলীকৰণৰ ক্ষেত্ৰত এই আঁচনিয়ে এক ইতিহাস ৰচনা কৰিব বুলি বক্তব্য আগবঢ়ায় ৷ অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰাই এই আঁচনিয়ে মহিলাসকলক যথেষ্ট সকাহ প্ৰদান কৰা লগতে অৰ্থনৈতিক বিকাশ সাধন কৰিব বুলি আশা প্ৰকাশ কৰে ৷

উক্ত অনুষ্ঠানটোত প্ৰায় দহ সহস্ৰাধিক ঋণগ্ৰস্ত মহিলাই অংশগ্ৰহণ কৰে ৷ ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা, মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, দুলীয়াজানৰ বিধায়ক তেৰচ গোৱালা, শদিয়াৰ বিধায়ক বলীন চেতিয়াকে ধৰি বিভিন্ন নিগম-নিকায়ৰ বিষয়-ববীয়াসকলৰ উপস্থিতিত সুকলমে অনুষ্ঠিত হয় চেক বিতৰণৰ কাৰ্যসূচী ৷

লগতে পঢ়ক: Cheques distribution under AMFIRS Scheme : ঋণগ্ৰস্ত মহিলাৰ মাজত চেক বিতৰণ মন্ত্ৰী অজন্তা নেওগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.